January 15, 2025 8:36 PM January 15, 2025 8:36 PM

views 12

সেনা দিৱস উপলক্ষে সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শুভেচ্ছা জ্ঞাপন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা দিৱস উপলক্ষে সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীসিঙে কয়, যে সাহস, ত্যাগ আৰু পেচাদাৰিত্বৰ বাবে ভাৰতীয় সেনা সুবিখ্যাত। দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেখুওৱা উচৰ্গাৰ মনোভাৱৰ লগতে প্রাকৃতিক দুৰ্য্যোগৰ সময়ত নাগৰিকসকললৈ আগবঢ়োৱা সহায়-সাহায্যৰ বাবেও তেওঁ সেনা-জোৱানসকলক প্ৰশংসা কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে দেশৰ প্ৰতি আগবঢ়োৱা অসামান্য সেৱাৰ বাবে প্ৰতিজন নাগৰিক ভাৰতীয় সেনাৰ প্ৰতি কৃতজ্ঞ।

January 15, 2025 6:34 PM January 15, 2025 6:34 PM

views 12

৭৭ সংখ্যক স্থলসেনা দিৱস উপলক্ষে জেনেৰেল অনিল চৌহানৰ সেনা বাহিনীৰ সকলো বিষয়া জোৱানলৈ শুভেচ্ছা

Chief of Defence staff জেনেৰেল অনিল চৌহানে ৭৭ সংখ্যক স্থলসেনা দিৱস উপলক্ষে সেনা বাহিনীৰ সকলো বিষয়া জোৱানলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মুৰববীগৰাকীয়ে এটা বৰ্তাত কয়, যে এই দিনটোৱে সেনা বাহিনীৰ অদম্য সাহস, কর্তব্য নিষ্ঠা আৰু পেছাদাৰিত্বক উদ্‌যাপন কৰে। তেওঁ লগতে কয়, যে দেশৰ নিৰাপত্তা আৰু একতাৰ ক্ষেত্ৰত সেনা বাহিনী মূল আধাৰ হিচাপে থিয় দি আহিছে। বৰ্তমান সময়ত যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰত আলোকপাত কৰি জেনেৰেল চৌহানে কয়, যে উন্নত প্রযুক্তি আৰু ভূ-ৰাজনৈতিক ব্যৱস্থাৰ সাল সলনি...

January 15, 2025 6:30 PM January 15, 2025 6:30 PM

views 6

সশস্ত্র বাহিনীসমূহে দেশৰ বাবে কৰা ত্যাগক সম্মান জনোৱাৰ উদ্দেশ্যে দেশজুৰি স্থল সেনা দিৱস পালন

সশস্ত্র বাহিনীসমূহে দেশৰ বাবে কৰা সর্বোচ্চ ত্যাগক সম্মান জনোৱাৰ উদ্দেশ্যে আজি দেশজুৰি স্থল সেনা দিৱস পালন কৰা হৈছে। এই দিনটোৰ উদযাপনে ভাৰতীয় সেনা বাহিনীৰ অসীম সাহস, দেশৰ প্ৰতি কর্তব্যনিষ্ঠা আৰু মাতৃভূমিৰ প্ৰতি সেৱাৰ মনোভাৱকে প্ৰতিফলিত কৰে। ১৯৪৯ চনত অন্তিম গৰাকী ব্ৰিটিছ সেনাৰ মুৰববীৰ পৰা ভাৰতীয় সেনাৰ তেতিয়াৰ জেনেৰেল কে এম কৰিয়াপ্পাই দায়িত্বভাৰ গ্ৰহণ কৰি ভাৰতীয় স্থল সেনা বাহিনীৰ প্ৰথমগৰাকী মুৰববী হিচাপে পৰিগণিত হোৱা দিনটোৰ সোঁৱৰণত আজি এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰী আৰু ক...

January 15, 2025 10:06 AM January 15, 2025 10:06 AM

views 11

দেশজুৰি সেনা বাহিনী দিৱস পালন

সেনা বাহিনীৰ লোকসকলে দেশৰ বাবে কৰা সৰ্বোচ্চ ত্যাগক সন্মান জনোৱাৰ বাবে আজি দেশজুৰি সেনা বাহিনী দিৱস পালন কৰা হৈছে। এই দিনটোৰ উদযাপনে ভাৰতীয় সেনা বাহিনীৰ অসীম সাহস, দেশৰ প্ৰতি কৰ্তব্যনিষ্ঠা আৰু মাতৃভূমিৰ প্ৰতি সেৱাৰ মনোভাৱকে প্ৰতিফলিত কৰে। ১৯৪৯ চনত অন্তিম গৰাকী ব্ৰিটিছ সেনাৰ মুৰববীৰ পৰা ভাৰতীয় সেনাৰ তেতিয়াৰ জেনেৰেল কে এম কেৰিয়াপ্পাই দায়িত্বভাৰ গ্ৰহণ কৰি ভাৰতীয় সেনা বাহিনীৰ প্ৰথমগৰাকী মুৰববী হিচাপে পৰিগণিত হোৱা দিনটোৰ সোঁৱৰণত আজি এই দিৱস পালন কৰা হয়। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সেনা বা...