January 15, 2026 7:00 PM

views 13

সৈনিকসকলৰ অদম্য সাহস, নিয়মানুৱৰ্তিতা আৰু সৰ্বোচ্চ ত্যাগে দেশখনক দি অহা সুৰক্ষাই প্ৰতিজন নাগৰিকক উদ্বুদ্ধ কৰি আহিছেঃ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

আজি সেনাবাহিনী দিৱস। এই উপলক্ষে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে ভাৰতীয় সেনাবাহিনীৰ সাহসী বিষয়া, সৈনিক আৰু প্ৰাক্তনসকলক শুভেচ্ছা জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিয়ে কয় যে সৈনিকসকলৰ অদম্য সাহস, নিয়মানুৱৰ্তিতা আৰু সৰ্বোচ্চ ত্যাগে দেশখনক দি অহা সুৰক্ষাই প্ৰতিজন নাগৰিকক উদ্বুদ্ধ কৰি আহিছে। সৈনিকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু দেশৰ একতা তথা অখণ্ডতা ৰক্ষাৰ বাবে থকা প্ৰতিশ্ৰুতিবদ্ধতাক দেশবাসীয়ে সদায় সন্মান কৰি আহিছে বুলিও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। শ্ৰীৰাধাকৃষ্ণণে কয় যে কর্তব্যত থ...

January 15, 2026 10:11 AM

views 19

জয়পুৰত ৭৮ সংখ্যক সেনা দিৱসৰ পেৰেড

জয়পুৰত আজি ৭৮ সংখ্যক সেনা দিৱসৰ পেৰেড অনুষ্ঠিত হ'ব। জগতপুৰাৰ মহল ৰোডত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত সেনাই নিজৰ অনুশাসন, শক্তি আৰু আধুনিক সামৰিক ক্ষমতাৰ প্ৰদৰ্শন কৰিব। পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই পেৰেড অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাজস্থানৰ মুখ্যমন্ত্রী ভজনলাল শর্মা আৰু সেনাপ্রধান, জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অংশগ্রহণ কৰিব। পেৰেডৰ চূড়ান্ত প্রস্তুতি ইতিমধ্যে সম্পূর্ণ হৈছে আৰু অনুষ্ঠানটোৰ বাবে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এইবাৰৰ সেনা দিবস উদযাপনে বিশেষ তাৎপর্য বহন কৰিছে কাৰণ প...

January 15, 2025 8:36 PM

views 23

সেনা দিৱস উপলক্ষে সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শুভেচ্ছা জ্ঞাপন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা দিৱস উপলক্ষে সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীসিঙে কয়, যে সাহস, ত্যাগ আৰু পেচাদাৰিত্বৰ বাবে ভাৰতীয় সেনা সুবিখ্যাত। দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেখুওৱা উচৰ্গাৰ মনোভাৱৰ লগতে প্রাকৃতিক দুৰ্য্যোগৰ সময়ত নাগৰিকসকললৈ আগবঢ়োৱা সহায়-সাহায্যৰ বাবেও তেওঁ সেনা-জোৱানসকলক প্ৰশংসা কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে দেশৰ প্ৰতি আগবঢ়োৱা অসামান্য সেৱাৰ বাবে প্ৰতিজন নাগৰিক ভাৰতীয় সেনাৰ প্ৰতি কৃতজ্ঞ।

January 15, 2025 6:34 PM

views 24

৭৭ সংখ্যক স্থলসেনা দিৱস উপলক্ষে জেনেৰেল অনিল চৌহানৰ সেনা বাহিনীৰ সকলো বিষয়া জোৱানলৈ শুভেচ্ছা

Chief of Defence staff জেনেৰেল অনিল চৌহানে ৭৭ সংখ্যক স্থলসেনা দিৱস উপলক্ষে সেনা বাহিনীৰ সকলো বিষয়া জোৱানলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মুৰববীগৰাকীয়ে এটা বৰ্তাত কয়, যে এই দিনটোৱে সেনা বাহিনীৰ অদম্য সাহস, কর্তব্য নিষ্ঠা আৰু পেছাদাৰিত্বক উদ্‌যাপন কৰে। তেওঁ লগতে কয়, যে দেশৰ নিৰাপত্তা আৰু একতাৰ ক্ষেত্ৰত সেনা বাহিনী মূল আধাৰ হিচাপে থিয় দি আহিছে। বৰ্তমান সময়ত যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰত আলোকপাত কৰি জেনেৰেল চৌহানে কয়, যে উন্নত প্রযুক্তি আৰু ভূ-ৰাজনৈতিক ব্যৱস্থাৰ সাল সলনি...

January 15, 2025 6:30 PM

views 17

সশস্ত্র বাহিনীসমূহে দেশৰ বাবে কৰা ত্যাগক সম্মান জনোৱাৰ উদ্দেশ্যে দেশজুৰি স্থল সেনা দিৱস পালন

সশস্ত্র বাহিনীসমূহে দেশৰ বাবে কৰা সর্বোচ্চ ত্যাগক সম্মান জনোৱাৰ উদ্দেশ্যে আজি দেশজুৰি স্থল সেনা দিৱস পালন কৰা হৈছে। এই দিনটোৰ উদযাপনে ভাৰতীয় সেনা বাহিনীৰ অসীম সাহস, দেশৰ প্ৰতি কর্তব্যনিষ্ঠা আৰু মাতৃভূমিৰ প্ৰতি সেৱাৰ মনোভাৱকে প্ৰতিফলিত কৰে। ১৯৪৯ চনত অন্তিম গৰাকী ব্ৰিটিছ সেনাৰ মুৰববীৰ পৰা ভাৰতীয় সেনাৰ তেতিয়াৰ জেনেৰেল কে এম কৰিয়াপ্পাই দায়িত্বভাৰ গ্ৰহণ কৰি ভাৰতীয় স্থল সেনা বাহিনীৰ প্ৰথমগৰাকী মুৰববী হিচাপে পৰিগণিত হোৱা দিনটোৰ সোঁৱৰণত আজি এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰী আৰু ক...

January 15, 2025 10:06 AM

views 28

দেশজুৰি সেনা বাহিনী দিৱস পালন

সেনা বাহিনীৰ লোকসকলে দেশৰ বাবে কৰা সৰ্বোচ্চ ত্যাগক সন্মান জনোৱাৰ বাবে আজি দেশজুৰি সেনা বাহিনী দিৱস পালন কৰা হৈছে। এই দিনটোৰ উদযাপনে ভাৰতীয় সেনা বাহিনীৰ অসীম সাহস, দেশৰ প্ৰতি কৰ্তব্যনিষ্ঠা আৰু মাতৃভূমিৰ প্ৰতি সেৱাৰ মনোভাৱকে প্ৰতিফলিত কৰে। ১৯৪৯ চনত অন্তিম গৰাকী ব্ৰিটিছ সেনাৰ মুৰববীৰ পৰা ভাৰতীয় সেনাৰ তেতিয়াৰ জেনেৰেল কে এম কেৰিয়াপ্পাই দায়িত্বভাৰ গ্ৰহণ কৰি ভাৰতীয় সেনা বাহিনীৰ প্ৰথমগৰাকী মুৰববী হিচাপে পৰিগণিত হোৱা দিনটোৰ সোঁৱৰণত আজি এই দিৱস পালন কৰা হয়। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সেনা বা...