September 11, 2025 3:44 PM

views 21

ভাৰতীয় নাগৰিকসকলক ৰাছিয়াৰ সেনা বাহিনীত যোগদানৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিবলৈ কেন্দ্ৰীয় চৰকাৰৰ আহ্বান

■ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকসকলক ৰাছিয়াৰ সেনা বাহিনীত যোগদান কৰাৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয়, যে একাংশ ভাৰতীয় নাগৰিকক অলপতে ৰাছিয়াৰ সেনা বাহিনীত নিয়োজিত কৰাৰ বাতৰি পোৱা গৈছে। তেওঁ কয়, যে চৰকাৰে বিগত এটা বছৰত এনেধৰণৰ কামৰ বিপদাশংকা আৰু ভয়াৱহ পৰিণামৰ বিষয়ে অৱগত কৰি আহিছে আৰু নাগৰিকসকলক সতৰ্ক কৰি দিছে। শ্রী জয়ছোৱালে লগতে কয়, যে কেন্দ্ৰীয় চৰকাৰে ৰাছিয়াৰ বিভিন্ন কৰ্তৃপক্ষৰ স...

June 19, 2025 3:25 PM

views 16

ইৰানত থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ ভাৰত চৰকাৰৰ

ভাৰত চৰকাৰে ইৰানত থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। দেশখনত থকা ভাৰতীয়ক লৈ আন এখন বিমান আজি উভতি অহাৰ সম্ভাৱনা আছে। ইয়াৰ আগেয়ে উত্তৰ ইৰানৰ পৰা ১১০গৰাকী ভাৰতীয় শিক্ষাৰ্থীক লৈ অহা এখন বিমান আজি নিচেই পুৱাতে নতুন দিল্লীত অৱতৰণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী কীৰ্তি বর্ধন সিঙে কয়, যে কেন্দ্ৰীয় চৰকাৰে ইৰানত থকা ৩৫০ গৰাকী ভাৰতীয় নাগৰিকক ওভতাই অনাৰ বাবে অনুৰোধ লাভ কৰিছে। তুর্কমেনিস্তানত আবদ্ধ হৈ থকা ভাৰতীয় সকলক নিৰাপদ...

April 5, 2025 7:47 PM

views 20

কানাডাৰ ৰকলেণ্ড অঞ্চলত চুৰিকাঘাতত এগৰাকী ভাৰতীয় নাগৰিক নিহত

কানাডাৰ ৰকলেণ্ড অঞ্চলত চুৰিকাঘাতত এগৰাকী ভাৰতীয় নাগৰিক নিহত হোৱা বুলি অট্টাৱাত থকা ভাৰতীয় উচ্চায়ুক্তই নিশ্চিত কৰিছে। সামাজিক মাধ্যমত ঘটনাটো সন্দৰ্ভত দুখ প্ৰকাশ কৰি আয়োগে আৰক্ষীয়ে এজন অভিযুক্তক আটক কৰা বুলি সদৰি কৰিছে। নিহত লোকজনৰ পৰিয়াললৈ সম্ভাব্য সকলো সাহার্য আগবঢ়োৱাৰ বাবে আয়োগে এটা স্থানীয় সামূহিক সংস্থাৰ সৈতে যোগাযোগ ৰখা বুলিও জানিব পৰা গৈছে।

December 11, 2024 10:39 AM

views 26

ছিৰিয়াৰ পৰা ৭৫ গৰাকী ভাৰতীয় নাগৰিকক ওভতাই অনাৰ ব্যৱস্থা ভাৰতৰ

ছিৰিয়াত সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ পাছত কেন্দ্ৰীয় চৰকাৰে কালি ৭৫ গৰাকী ভাৰতীয় নাগৰিকক দেশখনৰ পৰা ওভতাই অনাৰ ব্যৱস্থা কৰে। এই লোকসকলৰ ভিতৰত ছায়েদা জেনাবত আৱদ্ধ হৈ থকা ৪৪গৰাকী জম্মু-কাশ্মীৰৰ বাসিন্দা। দেশখনত আবদ্ধ হৈ থকা সকলো ভাৰতীয়ই ইতিমধ্যে নিৰাপদে লেবানন সীমান্ত অতিক্ৰম কৰিছে আৰু বাণিজ্যিক বিমানযোগে শীঘ্ৰেই তেওঁলোক ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি ডামাস্কাছ আৰু বেইৰুটত থকা ভাৰতীয় দূতাবাসৰ প্ৰচেষ্টাত উদ্ধাৰ অভিযান অব্যাহত আছে। দেশখনৰ নিৰাপত্তা পৰ...

November 28, 2024 8:35 PM

views 23

ইজৰাইলত প্ৰায় ৩২ হাজাৰ ভাৰতীয় শ্রমিক আছেঃ বিদেশ ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিং

ইজৰাইলত প্ৰায় ৩২ হাজাৰ ভাৰতীয় শ্রমিক আছে। ইয়াৰে ভিতৰত যোৱা বছৰৰ অক্টোবৰৰ পাছত পশ্চিম এছিয়াৰ দেশখনলৈ যোৱা প্ৰায় ১২ হাজাৰ শ্রমিক আছে। বিদেশ ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিঙে আজি ৰাজ্যসভাত এই কথা প্ৰকাশ কৰি কয়, যে যোৱা বছৰ নৰেম্বৰত স্বাক্ষৰিত দ্বিপাক্ষিক পৰিকাঠামো চুক্তিৰ অধীনত এই বছৰ ছহাজাৰ ৩৬৫ জন ভাৰতীয় ইজৰাইললৈ গৈছে। বাকীসকল লোক ব্যক্তিগত মাধ্যমেৰে যোৱা বুলি তেওঁ প্ৰকাশ কৰে।

June 25, 2024 6:45 PM

views 21

বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ সভাপতিত্বত প্রাক্-বাজেট আলোচনা

কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ সভাপতিত্বত আজি নতুন দিল্লীত সমাগত সাধাৰণ বাজেটৰ বাবে প্রাক্-বাজেট আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধাৰী, মুখ্য অর্থনৈতিক পৰামৰ্শদাতা ভি অনন্ত নাগেশ্বৰন, বিত্ত বিভাগৰ সচিব টি ভি সোমানাথন আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিবৰ লগতে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সচিবো উপস্থিত থাকে। যোৱা সপ্তাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। কৃষক সংঘৰ প্ৰত...

May 6, 2024 2:21 PM

views 21

পুনৰ মহাকাশলৈ ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ

♦ ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে কাইলৈ বয়িঙৰ প্ৰথমটো ক্রুড অভিযানৰ জৰিয়তে পুনৰ মহাকাশলৈ উৰা মাৰিব। বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানখনৰ প্ৰথম মানৱ মহাকাশ যাত্ৰাৰ এই পদক্ষেপ উইলিয়ামছৰ বাবে বহু প্রত্যাশিত প্ৰত্যাৱৰ্তন হ'ব৷ নাছাৰ সহযোগী মহাকাশচাৰী বেৰী বুচ উইলম’ৰৰ সৈতে উইলিয়ামছে এই মহাকাশ অভিযানত যোগ দিব। মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী উইলম'ৰে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱাৰ ভাগত উৎক্ষেপণ কৰিব৷