October 14, 2024 7:44 PM
9
পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা ২০২৩ সমূহ ঘোষণা
পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা ২০২৩ সমূহ আজি নতুন দিল্লীত ঘোষণা কৰা হয়। উৎকৃষ্ট ৰাজ্যৰ শিতানত ওড়িশাই শ্রেষ্ঠ বঁটা লাভ কৰাৰ বিপৰীতে উত্তৰ প্রদেশে দ্বিতীয় স্থান লাভ কৰে। আনহাতে, পুডুচেৰী আৰু গুজৰাটে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীত অহা ২২ অক্টোবৰত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব। ৯ টা শিতানত যুটীয়া বিজেতাসকলকে ধৰি মুঠ ৩৮ টা বঁটা আগবঢ়োৱা হ'ব। প্ৰতিগৰাকী বিজেতাই নিৰ্দিষ্ট শিতানত নগদ ধনৰ উপৰি বঁটা তথা প্ৰশস্তিপত্ৰ লাভ কৰিব। এখন সংবাদমেলত জলশক্...