November 4, 2024 6:01 PM

views 24

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। যোৱা ৩০ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। ৰাজ্যখনৰ ২৮৮টা বিধানসভা নিৰ্বাচনৰ বাবে ৭ হাজাৰ ৯৯৪ প্রার্থীয়ে দাখিল কৰা মনোনয়ন পত্র বৈধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত অহা ২০ নৱেম্বৰত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰধান দলসমূহৰ ভিতৰত বিজেপি, শিৱসেনা, এন চি পি মিত্ৰজোঁটৰ শাসনাধিষ্ঠ মহায়ুটি আৰু কংগ্ৰেছ, শিৱসেনা ইউ বি টি আৰু শৰদচন্দ্ৰ পাৱাৰ গোটৰ এন চি পি মহা বিকাশ অঘড়ী মিত্...

November 4, 2024 5:55 PM

views 27

অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ভাৰতৰ নতুন কনচ’লেট জেনেৰেল আনুষ্ঠানিকভাৱে উদ্বোধন বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ভাৰতৰ নতুন কনচ’লেট জেনেৰেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি ড০ এছ জয়শংকৰে কয় যে, এই কনচ'লেট জেনেৰেলে কুইন্সলেণ্ডৰ সৈতে ভাৰতৰত সম্পৰ্ক শক্তিশালী কৰা, ব্যৱসায়-বাণিজ্য প্ৰসাৰিত কৰা আৰু শৈক্ষিক সংযোগ গঢ়ি তোলা তথা প্রবাসীসকলক সেৱা আগবঢ়োৱাত অৰিহণা যোগাব। মন্ত্ৰীগৰাকীয়ে এই উদ্বোধন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ক্ৰমাৎ শক্তিশালী হৈ অহা দ্বিপাক্ষিক সম্পৰ্কৰ্ক মাইলৰ খুঁটি বুলি অভিহিত কৰে৷ তেওঁ লগতে কয় যে, কনচ’লেট জেনেৰ...

November 2, 2024 7:54 PM

views 20

কানাডাৰ উপ-মন্ত্ৰী ডেভিদ মৰিছনে ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় স্থায়ী কমিটিৰ সন্মুখত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰসংগ উল্লেখ কৰাক লৈ প্ৰতিবাদ ভাৰতৰ

ভাৰতে কানাডাৰ উপ-মন্ত্ৰী ডেভিদ মৰিছনে ৰাজহুৱা সুৰক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় স্থায়ী কমিটিৰ সন্মুখত গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰসংগ উল্লেখ কৰা বিষয় লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে কালি কানাডাৰ উচ্চায়ুক্তৰ প্ৰতিনিধিক সম্বোধন কৰি ভাৰতে কৰা প্ৰতিবাদৰ কথা অৱগত কৰে। বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে আজি বিয়লি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, যোৱা ২৯ অক্টোবৰত অট'ৱাত স্থায়ী সমিতিৰ কাৰ্য্যবিধি সম্পর্কে এটা কূটনৈতিক টোকা প্ৰদান কৰা হ...

November 2, 2024 7:49 PM

views 18

ডেমচ’ক আৰু ডেপচাঙত ভাৰত আৰু চীনে পাৰস্পৰিক চুক্তি অনুসৰি টহল আৰম্ভ কৰিছেঃ বিদেশ মন্ত্ৰ্যালয়

বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ডেমচ'ক আৰু ডেপচাঙত ভাৰত আৰু চীনে পাৰস্পৰিক চুক্তি অনুসৰি টহল আৰম্ভ কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কয় যে, ভাৰত আৰু চীনে সীমান্তৰ পৰা সৈন্য প্রত্যাহাৰ অন্তিম পৰ্য্যায় সন্দৰ্ভত ২১ অক্টোবৰত সহমত প্ৰকাশ কৰিছিল। মুখপাত্ৰগৰাকীয়ে কয় যে, কাজানত অলপতে অনুষ্ঠিত উভয় দেশৰ নেতৃবৰ্গৰ মাজৰ বৈঠকত প্ৰকাশ কৰা সহমত অনুসৰি দুয়ো দেশৰ বিদেশ মন্ত্ৰী আৰু অন্য বিষয়া পৰ্য্যায়ৰ আলোচনাৰ ভিত্তিত চীনৰ সৈতে দ্বিপ...

November 1, 2024 8:29 PM

views 23

আমেৰিকাৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতীয় সেনাৰ দল ৰাওনা

ভাৰতীয় সেনাৰ এটা দল ভাৰত আৰু আমেৰিকাৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাওনা হৈছে। এই অনুশীলন আমেৰিকাৰ আইডাহোৰ আৰ্চৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত কাইলৈৰ পৰা ২২ নবেম্বৰলৈ অনুষ্ঠিত হ'ব। যোৱা বছৰ মেঘালয়ৰ আমচৈত এই অনুশীলন অনুষ্ঠিত হৈছিল। এই অনুশীলন হৈছে ভাৰত আৰু আমেৰিকাৰ সৈন্য বাহিনীৰ মাজৰ দ্বিতীয় অনুশীলন। পূৰ্বৰ অনুশীলন যুদ্ধ অভ্যাস ২০২৪ ৰাজস্থানত ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কয় যে, যৌথ অনুশীলনত অংশগ্ৰহণ কৰা দুয়ো...

November 1, 2024 8:20 PM

views 32

ভাৰত আৰু আলবেনিয়াৰ মাজত তিৰানা দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত

ভাৰত আৰু আলবেনিয়াৰ মাজত কালি তিৰানা দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হয়। আলোচনাকালত দুয়ো পক্ষই বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত পৰ্য্যালোচনা চলায়। এই দ্বিপাক্ষিক আলোচনাত ৰাজনৈতিক সম্বন্ধ, বাণিজ্য, সাংস্কৃতিক সম্বন্ধ আৰু জনসাধাৰণৰ সম্বন্ধৰ লেখিয়া বিষয়সমূহ সামৰি লোৱা হয়। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দুয়ো দেশৰ মাজৰ সহযোগিতাৰ বিষয়টোৱেও আলোচনাত স্থান লাভ কৰে। আলোচনাকালত দুয়ো পক্ষই পাৰস্পৰিক স্বার্থ জড়িত আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত-বিনিময় কৰে। আলোচনাত ভাৰতীয় পক্ষক বিদ...

November 1, 2024 8:14 PM

views 22

২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰৰ বাবে আবেদনৰ আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই যুৱক-যুৱতীসকলক ২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। ১৫ৰ পৰা ২৯ বছৰ বয়সৰ ব্যক্তি আৰু সংগঠনক স্বাস্থ্য, মানৱ অধিকাৰৰ প্ৰসাৰ, সক্ৰিয় নাগৰিকত্ব আৰু সমূহীয়া সেৱাৰ দৰে উন্নয়ন তথা সমাজ সেৱাৰ বিভিন্ন ক্ষেত্ৰৰ উৎকৃষ্ট কাম আৰু অৱদানৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰা হয়। এই পুৰস্কাৰৰ ৰূপত এটা পদক, এখন প্রমাণ পত্র, ব্যক্তিসকলক ১ লাখ টকা আৰু সংগঠনসমূহক নগদ ৩ লাখ টকা প্ৰদান কৰা হয়। ড০ মন্দাভিয়াই এটা ভি ডি অ' ...

November 1, 2024 5:38 PM

views 28

দেশৰ মেট্ৰে’ মহানগৰসমূহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৬২ টকাকৈ বৃদ্ধি

দেশৰ মেট্ৰে’ মহানগৰসমূহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৬২ টকাকৈ বৃদ্ধি পাইছে। তৈল বিপণন কোম্পানীসমূহে আজি এই কথা ঘোষণা কৰে। এই নিৰ্দেশনা আজিৰ পৰা কাৰ্যকৰী হৈছে।

October 26, 2024 1:38 PM

views 18

ইউক্রেইনৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা ভয়ানক আৰু দুখজনক মানৱীয় দিশৰ বাবে ভাৰত-জাৰ্মানীৰ উদ্বেগ প্রকাশ

ভাৰত আৰু জাৰ্মানীয়ে ইউক্রেইনত চলি থকা যুদ্ধ আৰু এই যুদ্ধৰ ফলত সৃষ্টি হোৱা ভয়ানক আৰু দুখজনক মানৱীয় দিশসমূহৰ বাবে উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত সপ্তম ভাৰতজার্মানী আন্তঃচৰকাৰী পৰামৰ্শৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু জাৰ্মানীৰ চেঞ্চেলৰ অ’লাফ ছ’জে কয় যে, ইউক্রেইনত আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি শান্তি প্ৰক্ৰিয়াৰ প্ৰয়োজন আহি পৰিছে। দুয়োগৰাকী নেতাই বিশেষকৈ উন্নয়নশীল দেশসমূহত খাদ্য আৰু শক্তি সুৰক্ষাৰ ক্ষেত্ৰত ইউক্রেইনৰ যুদ্ধৰ নেতিবাচক প্রভাব সন্দৰ্ভতো আলোচনা কৰে। তেওঁলোকে ...

October 14, 2024 7:49 PM

views 19

মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানত ৰখা আফ্রিকীয় চিতাবাঘকেইটা বনত মুক্ত বিচৰণৰ বাবে মুকলি কৰি দিয়া হ’ব

মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানত ৰখা আফ্রিকীয় চিতাবাঘকেইটা বনত মুক্ত বিচৰণৰ বাবে মুকলি কৰি দিয়া হ'ব। পৰিবেশ মন্ত্ৰালয়ৰ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰৰ চিতা প্ৰকল্প পৰিচালনা সমিতিৰ পৰামৰ্শ অনুসৰি পোৱালীসহ চিতাবাঘকেইটা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পর্যায়ক্রমে বাঘকেইটা মুকলি কৰি দিয়া হ'ব। সদ্যহতে ৰাষ্ট্ৰীয় উদ্যানখনত ১২ টা পোৱালীসহ ২৪ টা চিতাবাঘ আছে। চৰকাৰে দেশলৈ অধিক চিতাবাঘ লৈ অহা সন্দৰ্ভত বিভিন্ন দেশৰ সৈতে আলোচনা অব্যাহত ৰাখিছে। ইপিনে, পৰিবেশ, বন তথা জল...