November 14, 2024 2:43 PM

views 2

মহিলাৰ এছিয়ান হকী চেম্পিয়ন্‌ছ ট্ৰফীত ভাৰত আজি থাইলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত অৱতীৰ্ণ হ’ব

বিহাৰৰ ৰাজগীৰত চলি থকা মহিলাৰ এছিয়ান হকী চেম্পিয়ন্‌ছ ট্ৰফীত যোৱাবাৰৰ বিজয়ী ভাৰত আজি বিয়লি থাইলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত অৱতীৰ্ণ হ'ব। ভাৰতে প্ৰথমখন খেলত মালয়েছিয়াক ৪-০ গ’লত আৰু দ্বিতীয়খন খেলত দক্ষিণ কোৰিয়াক ৩-২ গ’লত পৰাজিত কৰিছিল। প্ৰতিযোগিতাৰ আজিৰ আন দুখন খেলত দক্ষিণ কোৰিয়াই মালয়েছিয়াৰ বিৰুদ্ধে আৰু আনখন খেলত জাপানে চীনৰ বিৰুদ্ধে খেলিব।

November 14, 2024 9:29 AM

views 11

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষৰ সকলো কোচিং প্রতিষ্ঠানলৈ নীতি-নিৰ্দেশনা

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰি কৈছে যে অভিভাৱক আৰু প্ৰশিক্ষাৰ্থীক বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সকলো কোচিং প্রতিষ্ঠানে নিজৰ ছাত্ৰ-ছাত্ৰী আৰু পাঠ্যক্ৰমৰ সবিশেষ তথ্য প্ৰকাশ কৰিব লাগিব। বিভিন্ন কোচিং ইনষ্টিটিউটে ব্যৱহাৰ কৰা বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বিৰুদ্ধে নতুন দিল্লীত গ্রাহক পৰিক্ৰমা সচিব নিধি খাৰে এই নীতি-নিৰ্দেশনা জাৰি কৰে।

November 14, 2024 9:18 AM

views 26

ভাৰত মণ্ডপমত আজি ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা অনুষ্ঠিত

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা অনুষ্ঠিত হ'ব। এইবাৰৰ মেলাৰ বিষয়বস্তু হৈছে ২০৪৭ চনত বিকশিত ভাৰত। এইবাৰৰ মেলাত ঝাৰখণ্ডক গুৰুত্ব প্ৰদান কৰাৰ লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশ দুয়োখনে অংশীদাৰী ৰাজ্য হিচাপে ভাগ ল'ব। চীন, ইজিপ্ত, ইৰাণ, দক্ষিণ কোৰিয়া, থাইলেণ্ড, তুর্কী, সংযুক্ত আৰৱ এমিৰ্টেছ আদি বিভিন্ন দেশে এই মেলাত অংশগ্ৰহণ কৰিব।

November 14, 2024 9:12 AM

views 26

ভাৰত আৰু ফিলিপাইনছৰ সম্পৰ্ক গণতান্ত্রিক মূল্যবোধ, বহুত্ববাদী নীতি-নিয়ম আৰু অৰ্থনৈতিক সামঞ্জস্যৰ মাজত শিপাই আছেঃ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে ভাৰত আৰু ফিলিপাইনছৰ সম্পৰ্ক গণতান্ত্রিক মূল্যবোধ, বহুত্ববাদী নীতি-নিয়ম আৰু অৰ্থনৈতিক সামঞ্জস্যৰ মাজত শিপাই আছে। নতুন দিল্লীত ভাৰত- ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উদযাপনৰ বাবে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে দুয়োখন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় আইন, নিয়ম আৰু নীতি ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে যোৱা কেইবছৰমানৰ পৰা দুয়োখন দেশৰ সম্পৰ্ক অধিক সুদৃঢ় হৈছে। ড০ জয়শংকৰে কয় যে এই সম্পর্ক উন্নীত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্...

November 10, 2024 8:01 PM

views 27

কাইলৈৰ পৰা নতুন দিল্লীত ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কার্যকৰী ক্ষমতা নিৰ্মাণ কাৰ্যসূচী আৰম্ভ

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিদেশ মন্ত্ৰ্যালয়ৰ সহযোগত কাইলৈৰ পৰা নতুন দিল্লীত ৬ দিনীয়া ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কার্যকৰী ক্ষমতা নিৰ্মাণ কাৰ্যসূচী আৰম্ভ কৰিব। এই কাৰ্যসূচী অহা ১৬ নৱেম্বৰত অন্ত পৰিব। এই কাৰ্যসূচীত মালদ্বীপ, নেপাল, শ্রীলংকা আৰু থাইলেণ্ডৰ সৈতে মুঠ ৮ খন দেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিষয়া আৰু অন্যান্য সকলে অংশগ্ৰহণ কৰিব। আয়োগে কয়, যে এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে বিভিন্ন ক্ষেত্ৰত মানৱ অধিকাৰৰ প্ৰসাৰ বৃদ্ধি কৰা তথা সংৰক্ষণ আৰু শক্তিশালী কৰা। আয়োগে...

November 7, 2024 8:23 PM

views 35

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাক বহুমুখী আৰু বিশেষ বুলি অভিহিত বিদেশ মন্ত্ৰ্যালয়ৰ

বিদেশ মন্ত্ৰ্যালয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাক বহুমুখী আৰু বিশেষ বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈতে কথা পাতিছে আৰু উভয় দেশৰ মাজৰ সৰ্বাত্মক গোলকীয় আৰু কৌশলগত সহযোগিতা আগুৱাই নিবলৈ ভাৰত আগ্ৰহী বুলি অৱগত কৰিছে। তেওঁ কয় যে, ভাৰত আৰু আমেৰিকাই জনসাধাৰণৰ কল্যাণ আৰু শান্তি-সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ক...

November 7, 2024 8:21 PM

views 21

ছিডনীত আগশাৰী ব্যৱসায়ী আৰু কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিত পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে দেশৰ আন্তঃগাঁথনি, উৎপাদন, দক্ষতা বিকাশ আৰু ডিজিটেল ৰূপান্তৰৰ দিশসমূহৰ কথা উল্লেখ কৰে। ছিডনীত আজি আগশাৰী ব্যৱসায়ী আৰু কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত উমৈহতীয়া কৌশলগত দ্বিপাক্ষিক সহযোগিতাই বিশেষ ভূমিকা পালন কৰে। অষ্ট্ৰেলিয়া ভ্ৰমণ কালত ড০ জয়শংকৰে ভাৰতীয় মূলৰ লোকসকলক সাক্ষাৎ কৰাৰ লগতে ছিডনীৰ নিউ ছাউথ ৱেলছৰ সাংসদ গৰাকীকো দেখা কৰে। তেওঁ...

November 6, 2024 4:20 PM

views 24

লোক সংগীতৰ জনপ্ৰিয় গায়িকা সাৰদা সিনহাৰ অন্ত্যেষ্টিক্রিয়া কাইলৈ বিহাৰৰ পাটনাত সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে সম্পন্ন কৰা হ’ব

লোক সংগীতৰ জনপ্ৰিয় গায়িকা সাৰদা সিনহাৰ অন্ত্যেষ্টিক্রিয়া কাইলৈ বিহাৰৰ পাটনাত সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি এই কথা প্ৰকাশ কৰে। যোৱা নিশা নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত ৭২ বছৰ বয়সত দেহাৱসান ঘটা শিল্পীগৰাকীৰ নশ্বৰ দেহ আজি পাটনালৈ অনাৰ ব্যৱস্থা কৰা হৈছে। প্ৰসিদ্ধ শিল্পীগৰাকীৰ পুত্ৰ, লোকসংগীতৰ গায়ক অংশুমান সিনহাই জানিবলৈ দিয়া মতে গংগা নৈৰ পাৰৰ গুলাবী ঘাটত কাইলৈ তেওঁৰ মাতৃৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। উল্লেখযোগ্য যে ভোজপুৰী আ...

November 6, 2024 1:17 PM

views 52

ভাৰত-ভূটানৰ পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে কাইলৈ দৰঙাত আব্ৰজন তালাচী চকী মুকলি কৰা হ’ব

প্রতিবেশী ৰাষ্ট্ৰ ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে কাইলৈ দৰঙাত আব্ৰজন তালাচী চকী মুকলি কৰা হ’ব। দুয়োখন ৰাষ্ট্ৰৰ মাজত আন্তঃসম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভূটান সীমান্তৰ পৰা ৭০০ মিটাৰ নিলগত অৱস্থিত এই ভূবন্দৰটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য্য আৰু ভূটানৰ প্ৰধানমন্ত্ৰী দাসো চেৰিং টবগে মুখ্য অতিতি হিচাপে উপস্থিত থকাৰ কথা। দৰঙাত আব্ৰজন তালা...

November 4, 2024 7:58 PM

views 26

কেৰালা, পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ১৪ টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন সলনি

নির্বাচন আয়োগে কেৰালা, পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ১৪ টা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ নিৰ্বাচনৰ দিন সলনি হোৱাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি এতিয়া এই সমষ্টিকেইটাৰ বাবে ১৩ নৱেম্বৰৰ সলনি ২০ নৱেম্বৰত ভোটগ্ৰহণ কৰা হ'ব। এই ১৪ টা সমষ্টি হৈছে কেৰালাৰ পালাক্কাড় পাঞ্জাবৰ দেৰা বাবা নানক, চাবেবৱাল, গিদ্দ্ৰেবাহা, বার্নালা আৰু উত্তৰ প্ৰদেশৰ মীৰাপুৰ, কুন্দাৰ্কি, গাজিয়াবাদ, খাইৰ, কাৰহাল, চিশ্বামাও, ফুলপুৰ, কাৰ্টেহাৰী আৰু মাজহাৱান। এই সমষ্টিসমূহৰ ভোটগণনাৰ দিনৰ কোনো সালসলনি কৰা হোৱা নাই আৰু পূৰ্বৰ দৰে ২৩ ন...