April 3, 2024 8:48 PM

views 59

একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ

◊ চৰকাৰে একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে, এই বাতৰিসমূহত ৫শ বিধৰো অধিক ঔষধৰ ক্ষেত্ৰত মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিব বুলি দাবী কৰা হৈছে যদিও প্ৰকৃততে এই বাতৰিসমূহ ভূৱা-বিভ্ৰান্তিকৰ আৰু অসূয়াপূর্ণ। ভেষজ বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় ভেষজ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে প্ৰতি বছৰে পাইকাৰী মূল্য সূচ্যাংকৰ ভিত্তিত ঔষধৰ সৰ্বোচ্চ মূল্যৰ সাল-সলনি কৰে। মন্ত্ৰালয়ে কৈছে যে, ৭৮২ বিধ ঔষধৰ বৰ্তমানৰ সৰ্...

April 3, 2024 8:43 PM

views 35

গ্ৰীষ্মকালত হ’ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রীৰ বৈঠক

◊ গ্ৰীষ্মকালত গৰমৰ প্ৰকোপৰ পৰা হ’ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ড° মনসুখ মন্দাভিয়াৰ অধ্যক্ষতাত আজি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰা, নীতি আয়োগৰ সদস্য ডাঃ ভি কে পাল, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্রধান এম মহাপাত্র, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য কমল কিশোৰ, ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক আৰু অন্য জ্যেষ্ঠ বিষয়াসকলে বৈঠকত অংশগ্ৰহণ কৰে। পাছত নতুন দিল্লীত সংবাদ মাধ্যমৰ...

April 3, 2024 8:39 PM

views 25

আপৰ নেতা সঞ্জয় সিঙক আৱকাৰী নীতি কেলেংকাৰী গোচৰত সাক্ষ্য প্রমাণ বিনষ্ট নকৰিবলৈ দিল্লীৰ এখন আদালতৰ নিৰ্দেশ

♦ দিল্লীৰ এখন আদালতে আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিঙক আৱকাৰী নীতি কেলেংকাৰী গোচৰত সাক্ষ্য প্রমাণ বিনষ্ট অথবা সাক্ষী সকলক প্ৰভাৱিত নকৰিবলৈ নিৰ্দেশ দিছে। বিশেষ ন্যায়াধীশ কাৱেৰী বৱেজাই আজি তিহাৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁক মুকলি কৰাৰ নিৰ্দেশ দিয়াৰ পূৰ্বে এইদৰে নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে কালি সঞ্জয় সিঙৰ জামিন মঞ্জুৰ কৰিছে। যোৱা বছৰ অক্টোবৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ন্যায়াধীশ বৱেজাই লগতে ৰাজ্যসভাৰ সাংসদগৰাকীক পাৰপত্ৰ জমা দিবলৈ আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ এৰাৰ পূর্বে যাত্ৰাসূচী বিষয়...

April 3, 2024 8:23 PM

views 35

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি মাউণ্ট ঋণক আৰোহণ কৰি উদয় কুমাৰৰ ইতিহাস

♦ ৯১ শতাংশ শাৰীৰিক প্ৰতিবন্ধকতা সত্ত্বেও পশ্চিমবংগৰ উদয় কুমাৰ নামৰ ৩৫ বছৰীয়া যুৱকজনে সাহস আৰু দৃঢ়তাৰ অতুলনীয় নিদৰ্শন দাঙি ধৰি পশ্চিম ছিকিমৰ ১৬,৫০০ ফুট উচ্চতাৰ মাউণ্ট ঋণক আৰোহণ কৰি ইতিহাস ৰচিছে।

April 3, 2024 7:21 PM

views 31

 চলিত বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হোৱাৰ পূর্বানুমান বিশ্ববেংকৰ

♦ বিশ্ববেংকে চলিত বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হ'বগৈ বুলি পূর্বানুমান কৰিছে। বিশ্ব বেংকৰ শেহতীয়া দক্ষিণ এছিয়া উন্নয়নমূলক প্রতিবেদন মতে ২০২৪ চনত সামগ্ৰিকভাৱে দক্ষিণ এছিয়াৰ অর্থনৈতিক বিকাশ ৬ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ মূলতে হৈছে ভাৰতৰ উন্নয়ন আৰু পাকিস্তান তথা শ্রীলংকাৰ অর্থনৈতিক অৱস্থাৰ উন্নতি। প্রতিবেদন অনুসৰি ৬.১ শতাংশ বৃদ্ধিৰ হাৰেৰে ২০২৫ চনত দক্ষিণ এছিয়া বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি হোৱা অর্থনৈতিক অঞ্চলৰূপে পৰগণিত হোৱাৰ থল আছে।

April 3, 2024 7:31 PM

views 32

কেন্দ্রীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে ৰাজ্যসভাৰ আন ১১ জন নৱ নিৰ্বাচিত সাংসদৰ শপতগ্রহণ

♦ কেন্দ্রীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে ৰাজ্যসভাৰ আন ১১ জন নৱ নিৰ্বাচিত সাংসদে আজি শপতগ্রহণ কৰে। উপ বাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সংসদ ভৱনত তেওঁলোকক শপত বাক্য পাঠ কৰোৱায়৷

April 3, 2024 7:11 PM

views 48

ৱাইনাড সংসদীয় সমষ্টিৰ বাবে ৰাহুল গান্ধীয়ে মনোনয়ন পত্র দাখিল কৰিব

♦ কংগ্ৰেছ নেতা তথা ৱাইনাড সংসদীয় সমষ্টিৰ সাংসদ ৰাহুল গান্ধীয়ে আজি সমষ্টিটোৰ বাবে মনোনয়ন পত্র দাখিল কৰিব। এল ডি এফৰ প্রক্ষেপিত প্রার্থী চি পি আইৰ এন্নী বাজায়েও আজি মনোনয়ন দাখিল কৰিব। আনহাতে এন ডি এৰ প্ৰাৰ্থী তথা বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কাইলৈ মনোনয়ন পত্র দাখিল কৰিব। সমষ্টিটোত ইউ ডি এফ, এল ডি এফ আৰু এন ডি এৰ প্ৰাৰ্থীৰ মাজত তৃকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে। কেৰালাত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এই মাহৰ ২৬ তাৰিখে অনুষ্ঠিত হ'ব। মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন। আনহাতে পৰহিলৈ মনোনয়ন পত্রসমূহ...

April 3, 2024 6:48 PM

views 19

বিদ্যালয়ৰ পাঠ্যপুথি সময়মতে যোগান ধৰাৰ বাবে এন চি ই আৰ টিয়ে সকলো প্ৰকাৰৰ প্ৰচেষ্টা গ্রহণ কৰিছে

♦ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ এন চি ই আৰ টিয়ে প্ৰকাশ কৰিছে যে বিদ্যালয়ৰ পাঠ্যপুথিসমূহ সময়মতে যোগান ধৰাৰ বাবে পৰিষদে সকলো প্ৰকাৰৰ প্ৰচেষ্টা গ্রহণ কৰিছে। পৰিষদে সকলো ছাত্ৰ-ছাত্ৰীক আৰু অভিভাৱকসকলক ধৈর্য ধৰাৰ লগতে ভয় নাখাবলৈ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে বহু ৰাজ্যত পৰিষদৰ কিতাপ উপলব্ধ নোহোৱা পৰিস্থিতিত এন চি ই আৰ টি কর্তৃপক্ষই এনেদৰে সঁহাৰি জনাইছে।

April 3, 2024 1:37 PM

views 34

কেজৰিৱালৰ গ্ৰেপ্তাৰ আৰু জিম্মাত ৰখাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই আবেদনৰ উত্তৰ দাখিল বিধি বলবৎকাৰী সঞ্চালকালয়ৰ

বিধি বলবৎকাৰী সঞ্চালকালয়ে কালি দিল্লী উচ্চ ন্যায়ালয়ত সুৰা নীতিৰ গোচৰৰ সৈতে জড়িত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰেপ্তাৰ আৰু জিম্মাত ৰখাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই দিয়া আবেদনৰ উত্তৰ দাখিল কৰে। উত্তৰত সঞ্চালকালয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰ বৈধ হিচাপে অভিহিত কৰি কয় যে তেওঁলোকে ক'লা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ ১৬ নম্বৰ ধাৰাত থকা সকলো পদ্ধতিগত প্রয়োজন বজাই ৰাখিছে। সঞ্চালকালয়ে সংবিধানৰ ২২ নম্বৰ অনুচ্ছেদৰ নিয়মো কঠোৰভাৱে পালন কৰা হৈছে বুলি উল্লেখ কৰে। সুৰা কেলেংকাৰীৰ গোচৰত যোৱা ২১ মাৰ্চত দিল্ল...

April 3, 2024 1:33 PM

views 68

ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ আশা প্ৰকাশ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্ৰাজা আছিফৰ

♦ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্ৰাজা আছিফে ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হ'ব বুলি আশা প্ৰকাশ কৰিছে। ইছলামাবাদৰ সংসদ ভৱনৰ বাহিৰত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সুকীয়া পৃষ্ঠভূমি আছে। অৱশ্যে নিৰ্বাচনৰ পাছতহে এই সম্পর্ক উন্নত কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰে পাকিস্তানে প্রায় উদ্যোগৰ দৰে সন্ত্ৰাসবাদৰো পৃষ্ঠপোষকতা কৰা বুলি আৰু ভাৰত বৰ্তমান সন্ত্ৰাসবাদীক আওকান কৰাৰ পক্ষপাতী নহয় বুলি মন্ত...