July 14, 2024 1:30 PM

views 28

হাৰাৰেত আজি ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু জিম্বাব'ৱেৰ মাজত পাঁচখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেল আজি হাৰাৰে স্পর্টছ ক্লাৱত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাত আৰম্ভ হ'ব। ভাৰতে ইতিমধ্যে শৃংখলাত ৩-১ ফলাফলেৰে অগ্ৰগতি লাভ কৰিছে। ভাৰতে কালি একেখন ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ চতুৰ্থখন খেলত ঘৰুৱা দল জিম্বাব'ৱেক ১০ উইকেটত পৰাস্ত কৰে। খেলখনত জিম্বাব'ৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫২ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ১৫ অভাৰ আৰু দুটা বলত এটাও উইকেট নেহেৰুৱাকৈ ...

July 7, 2024 8:48 PM

views 18

পাঁচখনীয়া টি-টুৱেন্টি শৃংখলাৰ দ্বিতীয়খন খেলত জিম্বাব’ৱেৰ বিৰুদ্ধে ১০০ ৰানত বিজয়ী ভাৰত

ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ চলিত পাঁচখনীয়া টি-টুৱেন্টি শৃংখলাৰ আজি দ্বিতীয়খন খেলত ভাৰতে জিম্বাব'ৱেক ১০০ ৰানত পৰাস্ত কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰি জিম্বাব'ৱেক জয়ৰ বাবে ২৩৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতে দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত ২০ অভাৰত ২৩৪ ৰাণ সংগ্ৰহ কৰে। অভিষেক শৰ্মাই ৪৭টা বলত ১০০ ৰাণ কৰাৰ বিপৰীতে ঋতুৰাজ গাইকোৱাডে ৪৭টা বলত ৭৭ ৰাণ আৰু ৰিংকু সিঙে ২২টা বলত ৪৮ ৰাণ কৰি অপৰাজিত হৈ ৰয়।  জিম্বাব'ৱে ১৮ অভাৰ ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৩৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আজিৰ জয়েৰে ভাৰতে শ...

July 7, 2024 11:44 AM

views 14

জিম্বাব’ৱেৰ হাৰাৰেত  ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ চলিত পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ চলিত পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল আজি জিম্বাব’ৱেৰ হাৰাৰেত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি ৪.৩০ বজাত আৰম্ভ হ'ব। আয়োজক দেশ জিম্বাব’ৱেই প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰি আছে। কালিৰ উদ্বোধনী খেলখনত ছিকন্দ্ৰৰ ৰাজা নেতৃত্বাধীন জিম্বাব’ৱেই ভাৰতক ১৩ ৰানত পৰাজিত কৰে। খেলখনত জিম্বাব’ৱেই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ১১৫ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ১৯ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১০২ ৰানহে কৰিবলৈ সক্ষম হয়।