May 11, 2025 8:37 PM

views 15

ভাৰতৰ মহিলা ক্রিকেট দলৰ শ্ৰীলংকাত অনুষ্ঠিত ত্রিদেশীয় এদিনীয়া শৃংখলাৰ খিতাপ অৰ্জন

ভাৰতৰ মহিলা ক্রিকেট দলটোৱে শ্ৰীলংকাত অনুষ্ঠিত ত্রিদেশীয় এদিনীয়া শৃংখলাৰ খিতাপ অৰ্জন কৰিছে। কলম্বোত আজি অনুষ্ঠিত ফাইনেলত ভাৰতে শ্ৰীলংকাৰ মহিলা দলটোক ৯৭ ৰাণত পৰাস্ত কৰে। খেলখনত ভাৰতে জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ৩৪৩ ৰাণৰ লক্ষ্যৰে খেলি ঘৰুৱা দলটো ৪৮ অভাৰ ২টা বলত ২৪৫ ৰাণত অলআউট হয়। ঘৰুৱা দলটোৰ হৈ অধিনায়ক চামাৰি আটাপাট্টিটোৱে সৰ্বাধিক ৫১ ৰাণ কৰে। ভাৰতৰ হৈ স্নেহা ৰাণাই চাৰিটা আৰু অমনজোৎ কৌৰে তিনিটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেটিং কৰি স্মৃতি মান্ধানাৰ ১৬৬, হাৰ্লিন দেউলৰ ৪৭, জেমিমা ৰো...