December 16, 2024 12:27 PM
11
চলিত বৰ্ষৰ মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল
ভাৰতে চলিত বৰ্ষৰ মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। ওমানৰ মাস্কাটত যোৱানিশা অনুষ্ঠিত ফাইনেল খেলত ভাৰতে চীনক ৩-২ পেনাল্টি শ্বুট আউটত পৰাস্ত কৰে। ভাৰতীয় গ'লৰক্ষক নিধিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰে। আনহাতে সাক্ষী ৰানা, ঈছিকা আৰু সুনেলিতা তপ্পোয়ে ভাৰতৰ হৈ এটাকৈ গ'ল দিয়ে। চীনৰ হৈ জিন জোৱাং টেনে প্ৰথমটো গ'ল দিয়ে। হকী ইণ্ডিয়াই দলৰ প্ৰতিগৰাকী খেলুৱৈৰ বাবে ২ লাখকৈ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ভাৰতৰ দিপিকা শ্বেৰাৱটে প্রতিযোগিতাত সৰ্বাধিক ১২টা...