December 18, 2025 4:54 PM

views 24

কাইলৈ সন্ধিয়া ৭ বজাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইপিনে, যোৱানিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থখন খেল ঘন কুঁৱলীৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। আম্পায়াৰে কেইবাবাৰো পৰ্যবেক্ষণৰ অন্তত কম পোহৰৰ বাবে খেলখন পৰিত্যক্ত ঘোষণা কৰে। ভাৰত শৃংখলাত ২-১ ফলাফলত আগবাঢ়ি আছে।

December 10, 2025 12:09 PM

views 29

টি- টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত ভাৰতৰ

■ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাত জয়লাভ কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতে টি- টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলতো কালি অদমনীয় প্ৰদৰ্শনেৰে উজ্জ্বলি উঠে। কটকৰ বাৰাবতী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে আলহী দলটোক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাৰ আমন্ত্রণ মর্মে প্রথমে বেট ধৰা ভাৰতে নিৰ্ধাৰিত অভাৰত ৬টা উইকেট হেৰুৱাই ১৭৫ ৰান কৰে। হার্দিক পাণ্ডিয়াই ২৮টা বলত ৪টা ৬ আৰু ৬টা চাৰিৰ সহায়ত ৫৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ থাকে। প্ৰত্যুত্তৰত আৰম্ভণিৰে পৰা উইকেট হেৰুৱাই বি...

November 24, 2025 8:09 PM

views 25

বৰ্ষাপাৰাত দ্বিতীয় ক্রিকেট টেষ্টৰ তৃতীয় দিনত ভাৰতৰ ২০১ ৰানত আটাইকেইটা উইকেট হেৰুৱাই প্ৰথম ইনিংছৰ সামৰণি

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয় ক্রিকেট টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে ২০১ ৰানত আটাইকেইটা উইকেট হেৰুৱাই শোচনীয়ভাৱে প্ৰথম ইনিংছৰ সামৰণি মাৰে। ইয়াৰ ফলত কালি এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা ৯ ৰানৰ পৰা খেল আৰম্ভ কৰা ভাৰততকৈ আলহী দলটোৱে প্রথম ইনিংছত ২৮৮ ৰানৰ বৃহৎ ব্যৱধানেৰে দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰে। সন্ধিয়া তৃতীয় দিনৰ সামৰণিলৈকে আলহী দল দক্ষিণ আফ্রিকাই দ্বিতীয় ইনিংছৰ খেলত ২৬ ৰানত এটাও উইকেট নেহেৰুৱাকৈ সৰ্বমুঠ ৩১৪ ৰানৰ অগ্ৰগতি লাভ কৰে।