May 20, 2025 8:52 PM

views 53

পাকিস্তানে গণ বিতাৰণ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ সহস্ৰাধিক আফগান শৰণাৰ্থী পৰিয়াললৈ মানৱীয় সাহায্য

পাকিস্তানে গণ বিতাৰণ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতে হাজাৰ হাজাৰ আফগান শৰণাৰ্থী পৰিয়াললৈ মানৱীয় সাহায্য আগবঢ়াইছে। আফগান শৰণাৰ্থী আৰু প্ৰত্যাৱৰ্তন মন্ত্ৰ্যালয়ে সদৰি কৰা অনুসৰি অলপতে পাকিস্তানৰ পৰা বলপূর্বকভাৱে বিতাড়িত হোৱা প্ৰায় ৫ হাজাৰ আফগান পৰিয়াললৈ ভাৰতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে। শৰণাৰ্থী সঞ্চালকালয়ৰ কাবুলত থকা কাৰ্যালয়ৰ জৰিয়তে ১১ বিধ খাদ্য সামগ্ৰীৰ এই সাহায্য বিতৰণ কৰা হৈছে। আফগান শৰণাৰ্থী আৰু প্ৰত্যাৱৰ্তন দপ্তৰৰ মন্ত্ৰী মৌলৱী আব্দুল কবিৰে এই অবিৰত সমৰ্থনৰ বাবে ভাৰত ...

May 20, 2025 8:49 PM

views 58

আজিৰেপৰা সীমান্ত সুৰক্ষা বাহিনীয়ে পাঞ্জাব ফ্ৰণ্টিয়াৰকে ধৰি ভাৰত-পাকিস্তান সীমান্তৰ তিনিওটা যুটিয়া তালাচী চকীত ৰিট্ৰিট সমাৰোহ পুনৰ আৰম্ভ হ’ব

সীমান্ত সুৰক্ষা বাহিনীয়ে পাঞ্জাব ফ্ৰণ্টিয়াৰকে ধৰি ভাৰত-পাকিস্তান সীমান্তৰ তিনিওটা যুটিয়া তালাচী চকীত আজিৰেপৰা ৰিতি সমাৰোহ পুনৰ আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে। বি এছ এফৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজিৰ এই সমাৰোহ কেৱল সংবাদকর্মীসকলৰ বাবেহে খোলা থাকিব আৰু কাইলৈৰ পৰা জনসাধাৰণে এই ৰিট্ৰিট সমাৰোহ প্ৰত্যক্ষ কৰিব পাৰিব। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদী আন্তঃগাঁথনি বিনাশ কৰাৰ বাবে ভাৰতে চলোৱা অপাৰেচন সিন্দুৰৰ এদিন পাছতে যোৱা ৮ মে'ত আটাৰী, হুছেইনীৱালা আৰু চাদকি তালাচী চকীৰ ৰিট্ৰ...

May 9, 2025 6:32 PM

views 55

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাৰ যুদ্ধ বিৰতি উলংঘা

ভাৰতীয় সশস্ত্র বাহিনীসমূহে যোৱানিশা পাকিস্তানে ড্রোণ, ক্ষেপনাস্ত্ৰ আৰু অন্য অস্ত্ৰ-শস্ত্ৰৰ সহায়ত দেশৰ উত্তৰ আৰু পশ্চিম অংশৰ কেইবাখনো চহৰক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ প্ৰচেষ্টা ব্যৰ্থ কৰে। পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত কালি কেইবাবাৰো যুদ্ধ বিৰতি উলংঘা কৰে। সংহত প্ৰতিৰক্ষা ষ্টাফৰ মুখ্য কাৰ্যালয়ে প্রকাশ কৰা মতে পাকিস্তানে জম্মু, পাঠানকোট আৰু উধমপুৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ কেইবাটাও ঘাটিক লক্ষ্য কৰি লোৱাৰো চেষ্টা চলায়। সশস্ত্র বাহিনীয়ে এই আক্রমণ সফলভাৱে প্রতিহত কৰে। ...

May 6, 2025 7:38 AM

views 87

ভাৰত আৰু পাকিস্তানৰ মাজৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৰুদ্ধদ্বাৰ বৈঠক

● ভাৰত আৰু পাকিস্তানৰ মাজৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ৰুদ্ধদ্বাৰ বৈঠক আৰম্ভ কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৫ খন সদস্য ৰাষ্ট্ৰৰ অস্থায়ী সদস্য পাকিস্তানে এই বৈঠকৰ বাবে অনুৰোধ জনাইছিল। চলিত মাহৰ বাবে পৰিষদৰ অধ্যক্ষতাৰ দায়িত্ব বহন কৰি থকা গ্ৰীচে পৰিষদৰ কক্ষৰ কাষতে পৰামৰ্শৰ বাবে থকা এটা কোঠাত এই বৈঠকৰ তদাৰক কৰে। বৈঠকত মধ্য প্রাচ্য, এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ৰাজনৈতিক শান্তি পৰিক্ৰমা আৰু শান্তি অভিযান বিভাগৰ সহকাৰী সচিবপ্রধান খালেদ মহম্মদ খিয়াৰিয়ে গ...