August 1, 2025 8:26 PM

views 10

অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্রথম ইনিংছত শোচনীয় প্ৰদৰ্শন

অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্রথম ইনিংছত শোচনীয় প্ৰদৰ্শন দাঙি ধৰিছে। খেলখনৰ আজি দ্বিতীয় দিনা ভাৰতে কালি ৬ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২০৪ ৰানৰ পৰা খেলিবলৈ লৈ কেৱল ২০ ৰান যোগ কৰা অৱস্থাতে ভাৰতৰ আটাইকেইটা উইকেটৰ পতন ঘটে। ভাৰতৰ অন্তিম ৩গৰাকী বেটছমেন শূন্য ৰানত আউট হয়। প্ৰত্যুত্তৰত ইংলেণ্ডে দৃঢ় আৰম্ভণি কৰিছে আৰু প্রথম উইকেটৰ যুটীত অপেনাৰদ্বয় জেক ক্ৰলি আৰু বেন ডাকেটে ৯২ ৰান সংগ্ৰহ কৰে। বেন ডাকেট ৪৩ ৰান কৰি আউট হয়। বাতৰি লিখাৰ পৰলৈকে ঘৰুৱা দলটোৱে প্ৰথম ইনিংছত তিন...

June 19, 2025 7:46 PM

views 29

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিছৰ হেডিংলীত আৰম্ভ হ’ব

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিছৰ হেডিংলীত আৰম্ভ হ'ব। পূর্বে পাটাউদী ট্রফী নামে জনাজাত এই টেষ্ট শৃংখলা এইবছৰৰ পৰা এণ্ডাৰচন-তেণ্ডুলকাৰ টেষ্ট শৃংখলা নামেৰে পৰিচিত হ'ব। শুভমন গীলৰ নেতৃত্বৰ নতুন ভাৰতীয় দলটোত এইবাৰ বিৰাট কোহলি, ৰোহিত শর্মা, ৰবিচন্দ্রন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আদি কেইবাগৰাকীও অভিজ্ঞ খেলুৱৈ নাথাকিব যদিও প্রতিভাবান খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ চলিত বতৰত ভাল খেল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় টেষ্ট দলত পূৰ্বে বিৰাট কোহলিৰ চতুৰ্থ স্...