January 9, 2026 8:20 PM January 9, 2026 8:20 PM
2
আমেৰিকা যুক্তৰাষ্ট্ৰ-ভাৰতৰ উমৈহতীয়াভাৱে সুবিধাজনক বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰত দুয়োখন দেশে উমৈহতীয়াভাৱে সুবিধাজনক বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰা বুলি সদৰি কৰিছে। আজি বিয়লি নতুন দিল্লীত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে কয় যে বিগত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক বাণিজ্যিক চুক্তিত উপনীত হোৱাৰ বাবে দুয়োখন দেশে আগ্রহ প্রকাশ কৰিছিল। তেওঁ লগতে কয় যে সেই সময়ৰ পৰা দুয়োখন দেশেই পৰস্পৰক উপকৃত কৰিব পৰা বাণিজ্যিক চুক্তিত উপনীত হোৱাৰ উদ্দেশ্যে কেইবাবাৰো আলোচনাত মিলিত হৈছে। ...