September 18, 2025 9:52 PM September 18, 2025 9:52 PM

views 7

দেশৰ সাতটা প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ খচৰা তালিকাত সন্নিৱিষ্ট

দেশৰ সাতটা প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ খচৰা তালিকাত সন্নিৱিষ্ট হৈছে। ইয়াৰ জৰিয়তে খচৰা তালিকাত স্থান পোৱা ভাৰতৰ ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা ৬২ৰ পৰা ৬৯ লৈ বৃদ্ধি পালে। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি দেশত বৰ্তমান ৪৯ টা সাংস্কৃতিক, ১৭ টা প্ৰাকৃতিক আৰু তিনিটা সংমিশ্রিত ঐতিহ্য ক্ষেত্র আছে। নতুনকৈ অন্তৰ্ভুক্ত হোৱা এই ক্ষেত্ৰসমূহে পঞ্চগনী আৰু মহাবালেশ্বৰৰ ডেক্কান ট্ৰেবছ, মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ ছেণ্টমেৰী দীপপুঞ্জৰ ভূ-বৈজ্ঞানীক ঐতিহ্য, মেঘালয়ৰ প্ৰাচীন গুহা, নগা প...

July 28, 2024 11:23 AM July 28, 2024 11:23 AM

views 9

নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক বৈঠকত উপস্থিত থকা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক দল-সংগঠনৰ আদৰণি

নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক বৈঠকত অংশ লোৱা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক একাধিক দল-সংগঠনে আদৰণি জনায়। চৰাইদেউৰ ঐতিহাসিক মৈদাম ক্ষেত্ৰই আনুষ্ঠানিক স্বীকৃতি লাভ কৰাৰ বিৰল ক্ষণৰ সাক্ষী হ'বলৈ দিল্লীত বাহৰ পাতি থকা বিধায়কগৰাকী কালি চৰাইদেউত উপস্থিত হয়। মৈদাম ক্ষেত্ৰত উপস্থিত হৈ বিধায়কগৰাকী চাও চি ৰেন গৃহত বন্তি প্ৰজ্বলন কৰি স্বৰ্গদেউসকলক স্মৰণ কৰে। এই ঐতিহাসিক স্বীকৃতি লাভ কৰাৰ বাবে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু দেশৰ প্ৰধানমন্ত্ৰী...

July 26, 2024 7:48 PM July 26, 2024 7:48 PM

views 130

চৰাইদেউ মৈদাম ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ

ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা চমুকৈ ইউনেস্ক'ৱে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে। এই ঘোষণাৰ লগে লগে সাংস্কৃতিক শ্রেণীত মৈদাম ক্ষেত্ৰখন উত্তৰ-পূৰ্বাঞ্চলৰ প্রথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ভাৰতবৰ্ষৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। চৰাইদেউ জিলাত অৱস্থিত চৰাইদেউ মৈদাম ক্ষেত্ৰক অসমৰ পিৰামিড হিচাপে অভিহিত কৰা হয় আৰু এই ক্ষেত্ৰখনত ৯০ গৰাকীতকৈও অধিক আহোম ৰাজ পৰিয়ালৰ লোকক সমাধিস্থ কৰা হৈছে। ১৩শ শতিকাৰ পৰা ১৮শ শতিকাৰ আহোম ৰাজত্বকালৰ সময়ছো...

May 14, 2024 6:23 PM May 14, 2024 6:23 PM

views 8

ইউনেস্ক’ৰ বিশ্ব এছিয়া পেচিফিক আঞ্চলিক পঞ্জীৰ স্মৃতিত ৰামচৰিত মানস, পঞ্চতন্ত্ৰ আৰু সহৃদয় লোক-লোকন অন্তর্ভুক্ত

ৰামচৰিত মানস, পঞ্চতন্ত্ৰ আৰু সহৃদয় লোক-লোকন ইউনেস্ক'ৰ বিশ্ব এছিয়া পেচিফিক আঞ্চলিক পঞ্জীৰ স্মৃতিত অন্তর্ভুক্ত হৈছে। সাংস্কৃতিক মন্ত্ৰ্যালয়ে কৈছে যে এই অন্তর্ভুক্তি ভাৰতৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আৰু দেশৰ চহকী সাহিত্য, ঐতিহ্য তথা সংস্কৃতিৰ উত্তৰাধিকাৰৰ এয়া এক নিশ্চয়তা। মন্ত্ৰ্যালয়ে কয় যে ই বিশ্ব সাংস্কৃতিক সংৰক্ষণৰ প্ৰচেষ্টাত এটা ঢাপ আগুৱাই নিয়াৰ ইংগিত দিছে। লগতে মানৱতাক গঢ় দিয়া দেশৰ বৈচিত্ৰ্যময় আখ্যানসমূহ আৰু কলাত্মক প্ৰকাশৰ ধাৰাসমূহক স্বীকৃতি আৰু সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বৰ কথা আলোকপাত ...