September 18, 2025 9:52 PM
19
দেশৰ সাতটা প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ খচৰা তালিকাত সন্নিৱিষ্ট
দেশৰ সাতটা প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ খচৰা তালিকাত সন্নিৱিষ্ট হৈছে। ইয়াৰ জৰিয়তে খচৰা তালিকাত স্থান পোৱা ভাৰতৰ ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা ৬২ৰ পৰা ৬৯ লৈ বৃদ্ধি পালে। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি দেশত বৰ্তমান ৪৯ টা সাংস্কৃতিক, ১৭ টা প্ৰাকৃতিক আৰু তিনিটা সংমিশ্রিত ঐতিহ্য ক্ষেত্র আছে। নতুনকৈ অন্তৰ্ভুক্ত হোৱা এই ক্ষেত্ৰসমূহে পঞ্চগনী আৰু মহাবালেশ্বৰৰ ডেক্কান ট্ৰেবছ, মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ ছেণ্টমেৰী দীপপুঞ্জৰ ভূ-বৈজ্ঞানীক ঐতিহ্য, মেঘালয়ৰ প্ৰাচীন গুহা, নগা প...