January 10, 2025 1:24 PM

views 31

২০২৫ বৰ্ষত ভাৰতৰ অৰ্থব্যৱস্থাৰ বিকাশ হাৰ ৬.৬ শতাংশ হ’ব : ৰাষ্ট্ৰসংঘ

ৰাষ্ট্ৰসংঘৰ ধবজাবাহী অর্থনৈতিক প্ৰতিবেদনত ২০২৫ বৰ্ষত ভাৰতৰ অৰ্থ ব্যৱস্থাৰ বিকাশ হাৰ ৬.৬ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে। ঘাইকৈ সামগ্ৰীৰ ব্যক্তিগত ব্যৱহাৰ আৰু বিনিয়োগৰ বাবে বিকাশ হাৰ বৃদ্ধি পাব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কালি জাৰি কৰা ৰাষ্ট্ৰসংঘৰ ২০২৫ বৰ্ষৰ বিশ্ব অর্থনৈতিক স্থিতি আৰু সম্ভাৱনা সম্পৰ্কীয় প্ৰতিবেদনত ভাৰতৰ সেৱা খণ্ড আৰু একাংশ নির্মিত সামগ্ৰীৰ ৰপ্তানী বৃদ্ধিক অর্থনৈতিক গতিবিধিৰ মুখ্য কাৰক বুলি কোৱা হৈছে। ইয়াৰ বিপৰীতে ২০২৫ বৰ্ষত চীনৰ অৰ্থ ব্যৱস্থাৰ বিকাশ হাৰ ৪.৮ শতাংশ হ'ব বুলি ...