January 20, 2026 11:22 AM
15
ভাৰত-ইউনাইটেড আৰৱ আমিৰি ৰাষ্ট্ৰৰ ২০৩২ চনৰ ভিতৰত ২০ হাজাৰ কোটিলৈ বৃদ্ধিত সন্মতি প্ৰকাশ
ভাৰত আৰু ইউনাইটেড আৰৱ আমিৰি ৰাষ্ট্ৰই ২০৩২ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি ২০ হাজাৰ কোটিলৈ বৃদ্ধিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউনাইটেড আৰৱ আমিৰিৰ শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ মাজত অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ আলোচনাত এই সিদ্ধান্ত লোৱা হয়। বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা, মহাকাশ, শক্তি আৰু খাদ্য সুৰক্ষা খণ্ডত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰা হয়। বৈঠক সন্দৰ্ভত বিদেশ সচিব বিক্রম মিশ্রীয়ে সাংবাদিকৰ আগত কয়, যে দুয়োখন দেশৰ মাজত কৌ...