September 16, 2024 11:40 AM

views 27

চীনৰ হুলুনবুইৰত অনুষ্ঠিত এছিয়ান চেম্পিয়নছ ট্ৰফীৰ হকীৰ ছেমিফাইনেলত আজি ভাৰত-দক্ষিণ কোৰিয়া

চীনৰ হুলুনবুইৰত অনুষ্ঠিত হৈ থকা ২০২৪ বৰ্ষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীৰ হকীৰ ছেমি ফাইনেলত আজি ভাৰতে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। খেলখন আবেলি চাৰে তিনি বজাত আৰম্ভ হ'ব। উল্লেখ যোগ্য যে ভাৰতে এতিয়ালৈকে এই প্ৰতিযোগিতাৰ এখন খেলতো পৰাজিত নোহোৱাকৈ খেলি আছে। প্রতিযোগিতাৰ পূৰ্বৰ খেল সমূহত ভাৰতে চীনক ৩-০, জাপানক ৫-১, মালয়েছিয়াক ৮-১, কোৰিয়াক ৩-১ আৰু পাকিস্তানক ২-১ গ’লত পৰাস্ত কৰিছে। আজি অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত আয়োজক দল চীনৰ বিৰুদ্ধে পাকিস্তান অৱতীৰ্ণ হব।