January 10, 2025 9:12 PM

views 15

দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰক অধিক প্ৰসাৰিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পৰিসৰৰ সংস্কাৰ কাৰ্যসূচী গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰক অধিক প্ৰসাৰিত কৰাৰ বাবে বৃহৎ পৰিসৰৰ সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এৰো ইণ্ডিয়া ২০২৫ৰ পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰদূতসকলৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এই কথা প্রকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু প্ৰযুক্তিগত সহযোগিতা শক্তিশালী কৰাৰ বাবে এই সংস্কাৰ প্ৰক্ৰিয়াৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। মহাকাশ খণ্ড আৰু অত্যাধুনিক প্ৰযুক্তিৰ সফল বিকাশত ভাৰতৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি...