September 15, 2025 12:55 PM
11
ভাৰত ২০৪৭ চনৰ ভিতৰত ৩০ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশত পৰিণত হ’বঃ কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল
ভাৰত ২০৪৭ চনৰ ভিতৰত ৩০ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশত পৰিণত হ'ব বুলি কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলে উল্লেখ কৰে। এটা ব্যক্তিগত সংবাদ মাধ্যমে কালি নতুন দিল্লীত আয়োজন কৰা বাৰ্ষিক মিডিয়া কনক্লেভত অংশ লৈ মন্ত্ৰী গোৱেলে এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত মুদ্রাস্ফীতি নিয়ন্ত্ৰিত হৈছে আৰু সামগ্ৰীৰ খৰচ নিয়ন্ত্ৰণ কৰাটো ২০১৪ চনতে চৰকাৰখনে প্রাথমিক অগ্ৰাধিকাৰ বুলি গণ্য কৰিছিল বুলিও তেওঁ উল্লেখ কৰিছিল। চৰকাৰে বিত্তীয় আৰু মুদ্রানীতি সন্দৰ্ভত অহৰহ নিৰীক্ষণ কৰিবলৈ ৰিজ...