February 7, 2025 10:31 AM

views 16

ভাৰত-স্পেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া কৰ্মৰত গোটৰ পঞ্চমখন বৈঠক সমাপ্ত

ভাৰত আৰু স্পেইনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ মাজত যুটীয়া কৰ্মৰত গোটৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠকত দুয়ো পক্ষই দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ গতি-বিধি পর্যালোচনা কৰাৰ উপৰি সামুদ্রিক ক্ষেত্ৰকে ধৰি বিভিন্ন যৌথ কাৰ্যসূচীক লৈ আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে, দুয়োখন ৰাষ্ট্ৰই বিশেষকৈ অস্ত্র-শস্ত্র নির্মাণ তথা প্রযুক্তিগত দিশত ঘনিষ্ঠ সহযোগিতাৰে গুৰুত্ব প্ৰদানৰ বাবে সন্মত হৈছে।