December 7, 2025 12:14 PM

views 24

দক্ষিণ আফ্রিকাক ৯ উইকেটত পৰাস্ত কৰি ভাৰতৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলা দখল

ভাৰতে যোৱানিশা বিশাখাপট্টনমত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত যশস্বী জয়ছোৱালৰ শতক আৰু ৰোহিত শর্মা তথা বিৰাট কোহলীৰ অর্ধশতকৰ সহায়ত দক্ষিণ আফ্রিকাক অনায়াসে ৯ উইকেটত পৰাস্ত কৰে। ভাৰতে এই জয়ৰ সুবাদত ২১ ফলাফলেৰে শৃংখলা হস্তগত কৰে। ভাৰতে ২৭১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৩৯ অভাৰ আৰু ৫টা বলতে নির্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ যশস্বী জয়ছোবালে ১১৬ আৰু বিৰাট কোহলিয়ে ৬৫ ৰান কৰি আউট নোহোৱাকৈ থাকে। ৰোহিত শৰ্মাই ৭৫ ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে দক্ষিণ আফ্রিকাই প্রথমে বেট ধৰাৰ আ...

November 30, 2025 8:29 PM

views 19

ৰাঁচীত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্রীয় ক্রিকেট প্রতিযোগিতাত দক্ষিণ আফ্রিকাক জয়ৰ বাবে ভাৰতৰ ৩৫০ ৰাণৰ লক্ষ্য নির্ধাৰণ

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্রীয় ক্রিকেট প্রতিযোগিতাত আজি ভাৰতে দক্ষিণ আফ্রিকাক জয়ৰ বাবে ৩৫০ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ উইকেটৰ বিনিময়ত ৩৪৯ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বিৰাট কোহলীয়ে সর্বাধিক ১৩৫ ৰাণ কৰে। কে এল ৰাহুলে ৬০ আৰু ৰোহিত শৰ্মাই ৫৭ ৰাণৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জেনছেন, নান্ডে বার্গাৰ, কবিন বস্তু আৰু অটনিল বার্টমেনে দুটাকৈ উইকেট লাভ কৰে। আমালৈ বাতৰি অহাৰ পৰলৈকে দক্ষিণ আফ্রিকাই ৩১ অভা...