July 15, 2025 11:54 AM
11
৫০ শতাংশ বিদ্যুৎ আহৰণ কৰি শক্তি আহৰণৰ যাত্ৰাত ভাৰতৰ উল্লেখযোগ্য সফলতা লাভ
ভাৰতে অজীৱাষ্ম ইন্ধনৰ পৰা ৫০ শতাংশ বিদ্যুৎ আহৰণ কৰি শক্তি আহৰণৰ যাত্ৰাত উল্লেখযোগ্য সফলতা লাভ কৰিছে। ইয়াৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধতা তথা পৰিষ্কাৰ শক্তি আহৰণৰ লক্ষ্যক ভাৰত চৰকাৰে কাৰ্যত পৰিণত কৰিছে। কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্রী প্রহ্লাদ যোশীয়ে কয়, যে বিশ্বই জলবায়ু সমস্যা সমাধানৰ বাবে পথ বিচাৰি থকাৰ সময়তে ভাৰতে এই কাৰ্যকৰী পথৰ সন্ধান দিছে।