January 11, 2026 11:16 AM

views 11

ডাক বিভাগৰ স্পীড পোষ্ট 24 আৰু স্পীড পোষ্ট 48 নামৰ দুটা নতুন সেৱাৰ কথা ঘোষণা

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰতীয় ডাক বিভাগৰ স্পীড পোষ্ট 24 আৰু স্পীড পোষ্ট 48 নামৰ দুটা নতুন সেৱাৰ কথা ঘোষণা কৰিছে। এই সেৱাৰ জৰিয়তে ২৪ আৰু ৪৮ ঘণ্টাৰ ভিতৰত সুৰক্ষিতভাৱে নিৰ্দিষ্ট স্থানত প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। শ্রীসিন্ধিয়াই কালি মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ পিচৰত এই কথা ঘোষণা কৰে। এই পদক্ষেপ ডাকসেৱাৰ আধুনিকীকৰণৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এই উপলক্ষে শ্রীসিন্ধিয়াই কয়, যে এই সেৱাই সময়ানুৱৰ্তিতা, নিৰ্ভৰযোগ্যতা আৰু দ্রুত সেৱাৰ নতুন মান নিৰ্ধাৰণ কৰিব।

January 28, 2025 8:21 PM

views 23

১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ অন্তিম দিনা কৃষক বিদ্ৰোহৰ স্মৃতি সুঁৱৰি এটা বিশেষ ডাক টিকট মুকলি

পথৰুঘাটৰ কৃষক ছহিদসকলৰ সোঁৱৰণত দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ আজি অন্তিম দিনা কৃষক বিদ্ৰোহৰ স্মৃতি সুঁৱৰি এটা বিশেষ ডাক টিকট মুকলি কৰা হয়। দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াই এই ডাক টিকট মুকলি কৰে। অনুষ্ঠানত অংশ লৈ কৃষি মন্ত্ৰী অতুল বৰাই বিগত সময়ছোৱাত কৃষি যান্ত্ৰিকীকৰণৰ ফলত ৰাজ্যৰ কৃষি খণ্ডত লাভ কৰা উল্লেখনীয় সাফল্যৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২২-২৩ বৰ্ষত ৰাজ্যত উৎপাদিত প্রায় ৪ হাজাৰ কোটি টকা মূল্যৰ কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হয়। মুখ্যম...

December 5, 2024 8:37 PM

views 20

প্ৰতি ৩কিলোমিটাৰ এলেকাত এটা ডাকঘৰ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণৰ কথা প্ৰকাশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে প্ৰতি তিনি কিলোমিটাৰ এলেকাত এটা ডাকঘৰ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা প্ৰকাশ কৰে। ৰাজ্যসভাত আজি যোগাযোগ ৰাজ্য মন্ত্ৰী চন্দ্ৰশেখৰ প্ৰেম্মাচানীয়ে এটা প্ৰশ্নৰ উত্তৰত কয়, যে বিগত ১০ বছৰত ১০ হেজাৰ ৫০০ টা নতুন ডাকঘৰ নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰে ৯০ শতাংশ গ্ৰাম্যাঞ্চলত। তেওঁ আৰু উল্লেখ কৰে যে, ৫ হাজাৰতকৈও অধিক নতুন ডাকঘৰ বাঁওপন্থী উগ্রবাদ প্রভাবিত অঞ্চলত নিৰ্মাণ কৰা হৈছে। শ্ৰী প্রেম্মাচানীয়ে স্পষ্ট কৰি কয়, যে বিগত ৫ বছৰত ডাকঘৰৰ কোনো কৰ্মচাৰী হ্ৰাস কৰা হোৱা নাই। তেওঁ জনায় যে, ...

October 9, 2024 7:10 PM

views 22

ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে অসম ডাক পৰিমণ্ডলৰ ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন

অসম ডাক পৰিমণ্ডলে ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন কৰিছে। অহা ১১ অক্টোবৰলৈ চলিবলগীয়া ডাক সপ্তাহ সন্দৰ্ভত অসম পৰিমণ্ডলৰ ডাক সেৱাৰ সঞ্চালক অভিষেক জৈনে কয় যে ডাক সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই অনুসৰি আজি বিশ্ব ডাক দিৱস, কাইলৈ অন্ত্যোদয়া দিৱস আৰু পৰহিলৈ বিত্ত সৱলীকৰণ দিৱস উদযাপন কৰা হ'ব। আন্তঃৰাষ্ট্ৰীয় স্তৰত ডাক আদান-প্ৰদান কৰা ব্যৱস্থাক পৰিচালনা কৰা সাৰ্বজনীন ডাক সংঘৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাটো ৰাষ্ট্ৰীয় ডাক সপ্তাহৰ অন্যতম দি...

July 20, 2024 7:42 PM

views 23

নগাঁও জিলাতো ডাক বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে গ্ৰাহকৰ মাজত সজাগতা সৃষ্টিৰ বাবে চৌপাল শীর্ষক বিশেষ অভিযান

দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো ডাক বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে গ্ৰাহকৰ মাজত সজাগতা সৃষ্টিৰ বাবে চৌপাল শীর্ষক বিশেষ অভিযান চলি আছে। আজি নগাঁও ডাক সংমণ্ডলৰ উদ্যোগত নগাঁও প্রধান ডাকঘৰত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। তেওঁ ডাক বিভাগে ৰাইজৰ উত্তৰণৰ বাবে ৰূপায়ণ কৰা আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। সভাত ডাক বিভাগৰ বিষয়াসকলে ভাৰতীয় ডাক বীমা, সঞ্চয় একাউন্ট, সুকন্যা সমৃদ্ধি যোজ...