August 22, 2024 8:19 PM

views 24

ভাৰত আৰু পোলেণ্ডৰ পাৰস্পৰিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ

ভাৰত আৰু পোলেণ্ডে উভয় দেশৰ মাজৰ সম্পৰ্ক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। পোলেণ্ডৰ ৰাজধানী ৱাৰৰ্শ্বত আজি দেশখনৰ প্ৰধানমন্ত্রী ডনাল্ড টাস্কৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ পাছত এটা প্ৰেছ বিবৃতিযোগে শ্রী মোদীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয় যে, এই বছৰতে দেশ দুখনে পাৰস্পৰিক কূটনৈতিক সম্পৰ্কৰ ৭০ সংখ্যক বাৰ্ষিকী উদযাপন কৰিব। ভাৰত আৰু পোলেণ্ডৰ সম্পৰ্ক গণতন্ত্ৰ আৰু আইনৰ বিধিৰ দৰে উমেহতীয়া প্ৰমূল্যৰ ওপৰত নিৰ্ভৰশীল বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে, ৪৫ বছৰৰ পাছত এগৰাকী ভা...