October 29, 2024 6:15 PM

views 12

পেলেষ্টাইনলৈ ভাৰতৰ জীৱনদায়িনী ঔষধসহ ৩০ টন চিকিৎসা সামগ্ৰীৰ দ্বিতীয় খেপ প্ৰেৰণ

ভাৰতে মানৱীয় সাহায্যৰ অংশ হিচাপে পেলেষ্টাইনৰ জনসাধাৰণৰ বাবে কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধ আৰু জীৱনদায়িনী ঔষধসহ ৩০ টন চিকিৎসা সামগ্ৰীৰ দ্বিতীয় খেপ প্ৰেৰণ কৰিছে। বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে পেলেষ্টাইনলৈ সহায় অব্যাহত ৰাখিব । উল্লেখযোগ্য যে ভাৰতে যোৱা ২২ অক্টোবৰত ৩০ টন ঔষধ আৰু খাদ্য সামগ্ৰীৰ প্ৰথমটো খেপ পেলেষ্টাইনলৈ প্ৰেৰণ কৰিছিল। ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কাৰ্য সংস্থাৰ জৰিয়তে এই সামগ্ৰীখিনি প্ৰেৰণ কৰা হৈছে।