October 23, 2024 11:34 AM
21
শ্ৰী কৰ্টাৰপুৰ চাহিব কৰিড’ৰ সম্পৰ্কীয় চুক্তিৰ ম্যাদ পাঁচ বছৰৰ বৃদ্ধি
ভাৰত আৰু পাকিস্তানে শ্ৰী কৰ্টাৰপুৰ চাহিব কৰিড'ৰ সম্পৰ্কীয় চুক্তিৰ ম্যাদ আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে চুক্তিৰ ম্যাদ পাঁচ বছৰৰ বাবে সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্তই পাকিস্তানলৈ যোৱা ভাৰতীয় তীর্থযাত্ৰীসকলৰ যাত্ৰা সূচল কৰি তুলিব। কৰ্টাৰপুৰ চাহিব কৰিড'ৰ পথেৰে ভাৰতৰ পৰা প্ৰতি বছৰে হাজাৰ হাজাৰ শিখ তীর্থযাত্রী পাকিস্তানলৈ যায়। কেন্দ্ৰীয় চৰকাৰে তীৰ্থযাত্ৰীসকলৰ সুবিধার্থে ২০১৯ চনৰ ২৪ অক্টোবৰত ৫ বছৰৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰিছিল। ম্যাদ সম...