October 31, 2025 8:12 PM

views 21

পূণ্য শলিলা শ্রীবাস্তৱৰ অধ্যক্ষতাত নৰৱে-ভাৰত সহযোগিতা উদ্যমৰ বাৰ্ষিক বৈঠক

কেন্দ্রীয় স্বাস্থ্য সচিব পূণ্য শলিলা শ্রীবাস্তৱে আজি নতুন দিল্লীত আয়োজিত নৰৱে-ভাৰত সহযোগিতা উদ্যম এন আই পি আইৰ বাৰ্ষিক বৈঠকত অধ্যক্ষতা কৰে। ভাৰতত থকা নৰৱেৰ ৰাষ্ট্রদূত মেই-এলিন-স্টেনাৰে এই বৈঠকত সহঅধ্যক্ষতা কৰে। চলিত বৰ্ষৰ এন আই পি আইৰ অগ্ৰগতিৰ প্ৰতিবেদনৰ পর্যালোচনা আৰু অনুমোদনৰ লগতে এই উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ অধীনত অহা বছৰৰ নিৰ্ধাৰিত কাৰ্যপৰিকল্পনাৰ বাজেটৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। এই উপলক্ষে দিয়া ভাষণত শ্রীমতী শ্রীবাস্তৱে দেশ দুখনৰ মাজৰ সহযোগিতা অব্যাহত ৰখাৰ ক্ষেত্ৰত স্বাস্...