November 3, 2024 7:37 PM November 3, 2024 7:37 PM

views 12

ভাৰত-নিউজিলেণ্ড টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত নিউজিলেণ্ডৰ ২৫ ৰানত জয়লাভ

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ড টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত নিউজিলেণ্ডে ২৫ ৰানত জয়লাভ কৰিছে। আজি তৃতীয় দিনা জয়ৰ বাবে আলহী দলটোৱে নিৰ্ধাৰণ কৰি দিয়া ১৪৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ১২১ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ঋষভ পণ্টে সৰ্বাধিক ৬৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দলৰ ৮ গৰাকী বেট্‌ছমেনে দুটা অংকৰ ঘৰো স্পৰ্শ কৰিব নোৱাৰিলে। নিউজিলেণ্ডৰ হৈ এজাজ পেটেলে ছটা উইকেট দখল কৰি খেলখনত সৰ্বমুঠ ১১ টা উইকেট দখল কৰে। উল্লেখযোগ্য যে তিনিখনীয়া টেষ্ট শৃংখলাটোত নিউজিলেণ্ডে ৩-০ৰ ব...

October 31, 2024 7:48 PM October 31, 2024 7:48 PM

views 8

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টেষ্ট ক্রিকেট শৃংখলাৰ অন্তিমখন খেল কাইলৈ মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ ৩ খনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন পুৱা চাৰে ন বজাত আৰম্ভ হ'ব। একেৰাহে ১৮ টা শৃংখলাত জয়ৰ ধাৰা ভংগ হোৱা আৰু শৃংখলাত ২-০ ফলাফলত পাছ পৰি থকা ভাৰতীয় দলে এই খেলখনত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে দেশৰ মাটিত টেষ্ট ক্রিকেট শৃংখলাৰ আটাইকেইখন খেলত পৰাজয়ৰ গ্লানিৰ পৰা ৰক্ষা পৰাৰ চেষ্টা চলাব। ইয়াৰ উপৰি ভাৰতে অহা বছৰ জুনত লৰ্ডছত হবলগীয়া বিশ্ব টেষ্ট ছেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰত বৰ্তি থাকিবলৈ হলে এই খেলখনত জয়ল...

October 20, 2024 7:22 PM October 20, 2024 7:22 PM

views 6

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাত ভাৰত ৮ উইকেটত পৰাস্ত

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত আজি আলহী দলটোৱে ভাৰতক ৮ উইকেটত পৰাস্ত কৰি শৃংখলাত ১-০৩ অগ্ৰগতি লাভ কৰে। উল্লেখযোগ্য যে প্রথম ইনিংছত ৪৬ ৰাণৰ শোচনীয় প্ৰদৰ্শন কৰাৰ পাছত ভাৰতে কালি ৪৬২ ৰাণত দ্বিতীয় ইনিংছ সামৰে। ১০৭ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডে ২৮ অভাৰত দুটা উইকেট হেৰুৱাই জয়লাভ কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে আলহী দলটোৱে ৩৬ বছৰত ভাৰতত প্ৰথম টেষ্টত জয়লাভ কৰে।

October 17, 2024 8:22 PM October 17, 2024 8:22 PM

views 8

তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ প্ৰথম ইনিংছত ৩ টা উইকেট হেৰুৱাই ১৮০ ৰান সংগ্ৰহ

নিউজিলেণ্ডে ভাৰতৰ বিৰুদ্ধে বাংগালুৰুৰ এম ছিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত শক্তিশালী স্থিতিত উপনীত হৈছে। ভাৰতে ৪৬ ৰানতে প্রথম ইনিংছ সামৰাৰ পাছত আলহী দল নিউজিলেণ্ডে আজি দ্বিতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত ৩ টা উইকেট হেৰুৱাই ১৮০ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ড হাতত ৭টা উইকেট থকা অৱস্থাত ভাৰতৰ প্ৰথম ইনিংছতকৈ ১৩৪ ৰানত আগবাঢ়ি আছে। উল্লেখযোগ্য যে কালি বৰষুণৰ বাবে প্ৰথম দিনৰ খেল বাতিল কৰিবলগীয়া হৈছিল। শৃংখলাৰ দ্বিতীয়খন খেল ২৪ৰ পৰা ২৮ অক্টোবৰলৈ পুণেৰ...

October 17, 2024 11:16 AM October 17, 2024 11:16 AM

views 4

বৰষুণৰ বাবে বাতিল ভাৰত আৰু নিউজিলেণ্ড টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথম দিনৰ খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ খেল কালি বৰষুণৰ বাবে বাতিল হোৱা পাছত আজি দ্বিতীয় দিনাৰ খেল আৰম্ভ হ'ব। বাংগালুৰুৰ এম ছিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখন আজি নিৰ্ধাৰিত সময়ৰ পূৰ্বে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ভাৰত সম্প্ৰতি আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষত আছে আৰু এই শৃংখলাত জয়ী হ'লে একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ফাইনেলত প্ৰবেশ কৰাৰ সম্ভাৱনা প্ৰৱল হৈ উঠিব। ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে ২০১২-১৩...

October 16, 2024 8:27 PM October 16, 2024 8:27 PM

views 5

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন টেষ্টৰ প্ৰথম দিনৰ খেল বৰষুণৰ বাবে বাতিল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন টেষ্টৰ প্ৰথম দিনৰ খেল আজি বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। খেলখন কাইলৈ নিৰ্ধাৰিত সময়তকৈ পূৰ্বে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ভাৰত সম্প্ৰতি আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষত আছে আৰু এই শৃংখলাত জয়ী হ'লে একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ফাইনেলত প্ৰবেশ কৰাৰ সম্ভাৱনা প্ৰৱল হৈ উঠিব। ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলে ২০১২-১৩ খেলবৰ্ষৰ পাছত দেশৰ মাটিত এক...