March 12, 2025 1:01 PM

views 11

মৰিচাছৰ প্ৰধানমন্ত্রী নবীচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। শ্রীমোদী কালি মৰিচাছৰ প্ৰধানমন্ত্রী নবীচন্দ্ৰ ৰামগুলামৰ সৈতে ফলপ্রসূ আলোচনাত মিলিত হয়। প্রধানমন্ত্ৰী মোদী তেওঁৰ দুদিনীয়া মৰিচাছ ভ্ৰমণৰ অংশ হিচাপে কালি পোর্ট লুইত দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এখন বৈঠকত মিলিত হৈ ভাৰত আৰু মৰিচাছৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বিভিন্ন বিষয়ত আলোচনা কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ সম্পৰ্কক  নতুন শিখৰলৈ লৈ যোৱাৰ বাবে দ্বিপাক্ষিক সম্পর্ক, দুয়োখন দেশৰ ...