July 25, 2025 8:44 PM

views 69

ভাৰত আৰু মালদ্বীপৰ মাজত চাৰিখন বুজাবুজিৰ চুক্তিৰ লগতে আন তিনিখন চুক্তিত স্বাক্ষৰ

ভাৰতে আজি মালদ্বীপৰ সৈতে কৃষি আৰু মীন পালন, ভাৰতীয় ফাৰ্মাক'পিয়াৰ ডিজিটেল সমাধান আৰু স্বীকৃতি সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তি আৰু আন তিনিখন চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ উপৰি ভাৰতে মালদ্বীপলৈ ৪ হাজাৰ ৮৫০ কোটি টকাৰ সুদবিহীন ঋণ আগবঢ়াইছে। দুয়োখন দেশৰ মাজত আজি ভাৰত- মালদ্বীপ মুক্ত বাণিজ্য চুক্তিৰ প্রাসঙ্গিক নীতি-নিয়মসমূহো আলোচনা কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জুৱে আজি দেশখনৰ ৰাজধানী মালেৰ ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ত প্ৰতিনিধি পৰ্য্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰ...

March 19, 2025 6:20 PM

views 82

ভাৰত-মালদ্বীপৰ দ্বিপাক্ষিক বাণিজ্যৰ লেনদেন এছিয় ক্লিয়াৰিং ইউনিয়ন ধনাদায় ব্যৱস্থাৰ লগতে ভাৰতীয় টকা আৰু মালদ্বীপৰ মুদ্ৰা ৰুফিয়াৰে সম্পন্ন কৰিব পাৰিব

ভাৰত আৰু মালদ্বীপৰ দ্বিপাক্ষিক বাণিজ্যৰ লেনদেন এতিয়াৰে পৰা এছিয় ক্লিয়াৰিং ইউনিয়ন ধনাদায় ব্যৱস্থাৰ উপৰি ভাৰতীয় টকা আৰু মালদ্বীপৰ মুদ্ৰা ৰুফিয়াৰে সম্পন্ন কৰিব পৰা যাব। মালদ্বীপৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আয়ে এই সন্দৰ্ভত এখন পৰিপত্ৰ জাৰি কৰিছে। এই পদক্ষেপে মালদ্বীপক সহায় কৰিব বুলি আশা কৰা হৈছে। ভাৰত-মালদ্বীপৰ সবাতোকৈ বৃহৎ ব্যৱসায়িক সহযোগী আৰু দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ৫৪ কোটি ৮০ লাখ মার্কিন ডলাৰৰো অধিক৷