December 12, 2025 12:30 PM

views 18

ভাৰত আৰু লাইবেৰীয়াৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ভাৰত আৰু লাইবেৰীয়াই ঔষধৰ গুণগত মান বৰ্তাই ৰখাৰ ক্ষেত্ৰত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, লাইবেৰীয়াত থকা ভাৰতৰ ৰাষ্ট্রদূত মনোজ বিহাৰী বাৰ্মা আৰু লাইবেৰীয়াৰ স্বাস্থ্য মন্ত্ৰী লুইচ এম ক'প'টোৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হয়। এই বুজাবুজিৰ চুক্তিখনে সুৰক্ষিত আৰু বহনসাক্ষ্য ঔষধৰ উপলভ্যতা বৃদ্ধিত সহায় কৰিব বুলি মন্ত্র্যালয়ে লগতে প্রকাশ কৰিছে।