June 7, 2024 6:11 PM

views 19

সুনীল চেত্ৰীৰ দেশৰ হৈ কুৱেইটৰ বিৰুদ্ধে খেলা অন্তিমখন খেল কালি গ’ল শূন্যভাৱে সমাপ্ত

ভাৰতৰ তাৰকা ফুটবল খেলুৱৈ সুনীল চেত্ৰীৰ দেশৰ হৈ কুৱেইটৰ বিৰুদ্ধে খেলা অন্তিমখন খেল কালি গ'ল শূন্যভাৱে সমাপ্ত হয়। চল্টলেকত অনুষ্ঠিত খেলখন গ'লশূন্যভাবে সমাপ্ত হোৱাৰ ফলত ফিফা ৱলৰ্ডকাপৰ তৃতীয় ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জনৰ ক্ষেত্ৰত ভাৰতৰ আশা ক্ষীণ হৈ পৰিল। ভাৰতে তালিকাত ৫ পইণ্টৰে কুৱেইট আৰু আফগানিস্তানতকৈ আগত থাকি দ্বিতীয় স্থানত আছে যদিও ভাৰতে আগুৱাই যাবলৈ হ'লে কাটাৰৰ বিপক্ষে জয়লাভ কৰিব লাগিব ।