July 26, 2024 12:31 PM July 26, 2024 12:31 PM
8
নতুন দিল্লীত মধ্য-প্রাচ্য সন্দৰ্ভত ভাৰত-জাপানৰ দ্বিতীয়লানি আলোচনা সম্পন্ন
নতুন দিল্লীত কালি মধ্য-প্রাচ্য সন্দৰ্ভত ভাৰত আৰু জাপানৰ দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হয়। আলোচনাত পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকা বিভাগৰ যুটীয়া সচিব সুৰেশ কুমাৰে ভাৰতীয় দলটোৰ আৰু জাপানৰ মধ্যপ্রাচ্য আৰু আফ্ৰিকীয় পৰিক্ৰমা ব্যুৰ'ৰ সঞ্চালকপ্রধান আনডো টশ্বিহিডেই দেশখনৰ দলটোৰ নেতৃত্ব দিয়ে। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি আলোচনা কালত মধ্য প্ৰাচ্য আৰু পশ্চিম এছীয়াৰ ৰাজনৈতিক ঘটনাৱলী, অর্থনৈতিক সুযোগ আৰু অঞ্চল দুটাই সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে মত বিনিময় কৰা হয়।