April 8, 2025 9:26 PM
9
নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ইজৰাইলৰ কৃষিমন্ত্ৰী অৱি দিখটেৰৰ কৃষি খণ্ডত দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কীয় কেইবাখনো চুক্তিত স্বাক্ষৰ
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ইজৰাইলৰ কৃষিমন্ত্ৰী অৱি দিখটেৰে আজি নতুন দিল্লীত কৃষি খণ্ডত দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কীয় কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে। বৈঠকত শ্রীচৌহানে কয়, যে ভাৰত আৰু ইজৰাইলৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা ক্ৰমাৎ বৃদ্ধি পাইছে। দুয়োখন ৰাষ্ট্ৰই কৃষি, উদ্ভাৱন, পানী আৰু প্ৰযুক্তি ক্ষেত্ৰত সহযোগিতাৰ উৎকৃষ্ট নিদৰ্শন আগবঢ়াইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীচৌহানে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ক্ষুদ্র কৃষকৰ বাবে খেতি অধিক লাভদায়ক কৰি...