January 4, 2025 6:08 PM
24
ভাৰত-ইৰাণৰ মাজত ১৯ সংখ্যক বিদেশ মন্ত্ৰ্যালয় পৰ্যায়ৰ পৰামৰ্শ বৈঠক
ভাৰত আৰু ইৰাণৰ মাজত কালি নতুন দিল্লীত ১৯ সংখ্যক বিদেশ মন্ত্ৰ্যালয় পৰ্যায়ৰ পৰামৰ্শ বৈঠক অনুষ্ঠিত হয়। বৈঠকত চাবাহৰ বন্দৰ, কৃষি সহযোগিতা বাণিজ্য আৰু অৰ্থনীতিৰ লগতে সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সম্পর্ককে ধৰি দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ত পর্যালোচনা কৰা হয়। বিদেশ সচিব বিক্রম মিশ্ৰী আৰু ইৰাণৰ উপ বিদেশ মন্ত্রী মাজিদ টত ৰাৱনচিয়ে বৈঠকত অধ্যক্ষতা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি বৈঠকত আফগানিস্তান, পশ্চিম এছিয়া আৰু দক্ষিণ ক'কেছাচৰ সাম্প্ৰতিক পৰি...