December 3, 2025 3:49 PM

views 24

শ্ৰীলংকাত ডিটৱাহ নামৰ ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭৪ লৈ বৃদ্ধি

■ শ্ৰীলংকাত ডিটৱাহ নামৰ ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭৪ লৈ বৃদ্ধি পাইছে। ধুমুহাৰ ফলত বেয়াকৈ ক্ষতিগ্রস্ত কেন্দি জিলাত সর্বাধিক ১১৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ অধীনত দেশখনলৈ মানৱীয় সাহায্য আগবঢ়াইছে আৰু উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্তাৰ, জাহাজৰ উপৰি অন্য আহিলাপাতি নিয়োগ কৰিছে। আই এন এছ সুকন্যা নামৰ জাহাজৰ জৰিয়তে ত্ৰিংকোমালিলৈ যোগান ধৰা সামগ্ৰীসমূহ শ্ৰীলংকাৰ বায়ুসেনা বাহিনীৰ বিমানেৰে দেশখনৰ পূব প্ৰান্তৰ দূৰণিবতীয়া এলেকাসমূহলৈ লৈ যোৱা হৈছে। ইয়াৰ উপৰি ভাৰতীয় উদ...

December 2, 2025 11:35 AM

views 22

সাগৰ বন্ধু অভিযানৰ অধীনত ভাৰতে শ্ৰীলংকালৈ সমৰ্থন আগবঢ়াই যাব : প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ সৈতে কালি টেলিফোনযোগে বাৰ্তালাপ কৰি সাগৰ বন্ধু অভিযানৰ অধীনত দেশখনলৈ সমৰ্থন আগবঢ়াই যাব বুলি নিশ্চিতি দিছে। শ্রীমোদীয়ে মহাসাগৰ দৃষ্টিভংগীৰ অধীনত ভাৰতে প্ৰথমেই সাহায্য আগবঢ়োৱা ৰাষ্ট্ৰ হিচাপে শ্রীলংকাত বিপদাপন্ন লোকসকলক উদ্ধাৰ আৰু সাহায্য-সামগ্ৰী প্ৰদানৰ বাবে প্ৰয়োজনীয় সকলো সহায় অব্যাহত ৰাখিব বুলি বাৰ্তালাপত উল্লেখ কৰে। ৰাষ্ট্ৰপতি দিশানায়কেই প্রাকৃতিক দুৰ্যোগৰ সময়ছোৱাত ভাৰতে আগবঢ়োৱা এই সাহায্যৰ বাবে কৃতজ্ঞতা প্রকা...