September 5, 2025 8:56 PM

views 33

নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবঃ বিত্তমন্ত্রী

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু এই ব্যৱস্থাই মূলধনী ব্যয়ত প্ৰভাৱ নেপেলায়। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত শ্ৰীমতী সীতাৰৰ্মনে কয় যে ৯৯% সামগ্ৰী আৰু সেৱা কৰ হয় শূন্য, নহয় ৫ৰ পৰা ১৮%  ভিতৰত ৰখা হৈছে। তেওঁ জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষতিপূৰণ শুল্ক আৰু বিস্তৃত প্ৰস্তাৱ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে পেট্ৰ'লিয়ামজাত সামগ্ৰী আৰু সুৰাৰ সামগ্ৰীক বৰ্তম...

September 5, 2025 8:33 PM

views 39

দেশৰ বজাৰৰ ১৭৫ বিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস

জি এছ টি পৰিষদে অহা ২২ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সামগ্ৰী আৰু সেৱা কৰৰ স্তৰ বৰ্তমানৰ ৪ টাৰ পৰা ২ টালৈ হ্ৰাস কৰাৰ সিদ্ধান্তক সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে আদৰণি জনাইছে। এই সিদ্ধান্তৰ ফলত দেশৰ বজাৰৰ ১৭৫ বিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস পাব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৭ ছেপ্তেম্বৰৰ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত জি এছ টি হ্রাস সম্পর্কে সমাজৰ বিভিন্ন শ্রেণীৰ লোকৰ মতামত প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচ...

September 5, 2025 6:45 PM

views 29

পৰোক্ষ কৰ ব্যৱস্থাত ৫%, ১২%, ১৮% আৰু ২৮% জি এছ টিত অনুমোদন জি এছ টি পৰিষদৰ

লালকিল্লাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাগত দীপাৱলীৰ পৰাই দেশত জি এছ টি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হ'ব বুলি ঘোষণা কৰিছিল। প্রধানমন্ত্রী শ্রীমোদীয়ে অধিক কাৰ্যক্ষম আৰু নাগৰিক অনুকূল অর্থনীতি গঢ়াৰ লক্ষ্যৰে যোৱা পৰহিৰ পৰা জি এছ টি পৰিষদে সাধাৰণ মানুহৰ সুবিধাৰ অৰ্থে জি এছ টিৰ হাৰ সংস্কাৰত অনুমোদন জনায়। পৰিষদে পৰোক্ষ কৰ ব্যৱস্থাত ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ জি এছ টিত অনুমোদন জনায়। ধঁপাত আৰু বিলাসী সামগ্ৰী আৰু নিৰ্বাচিত কিছু সামগ্ৰীৰ...

September 4, 2025 3:51 PM

views 3

জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছেঃ বিত্তমন্ত্ৰী

● জি এছ টি পৰিষদে জনসাধাৰণ, কৃষক আৰু কৃষি, স্বাস্থ্য খণ্ড, উদ্যোগকে ধৰি অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি সামগ্ৰী আৰু সেৱা কৰৰ যুক্তিগত সংস্কাৰ সাধনত অনুমোদন জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সাধাৰণ লোক আৰু মধ্যবিত্ত সামগ্ৰীসমূহৰ ওপৰত থকা জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে ব্যক্তিগত জীৱন বীমা আঁচনি, স্বাস্থ্য বীমা আঁচনি তথা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা আঁচনিসমূহৰ ক্ষেত্ৰত থকা ...