April 1, 2024 8:28 PM

views 32

চলিত বছৰৰ মাৰ্চত মুঠ সামগ্ৰী আৰু সেৱাকৰৰ ৰাজহ সংগ্ৰহ এতিয়ালৈ দ্বিতীয় সর্বাধিক হিচাপে পৰিগণিত

চলিত বছৰৰ মাৰ্চত মুঠ সামগ্ৰী আৰু সেৱাকৰৰ ৰাজহ সংগ্ৰহ এতিয়ালৈ দ্বিতীয় সর্বাধিক হিচাপে পৰিগণিত হৈছে। বছৰি ১১ শতাংশতকৈও অধিক বৃদ্ধি হৈ এইবেলি এই পৰিমাণ হৈছে, ১ লাখ ৭৮ হাজাৰ কোটি টকা। কেন্দ্রীয় বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, ১৭.৬ শতাংশ ঘৰুৱা লেন-দেনৰ জৰিয়তে জি এছ টি সংগ্রহত উল্লেখনীয় বৃদ্ধি হোৱাৰ ফলত এই অভিলেখ সৃষ্টি হৈছে। যোৱাটো বিত্তীয় বৰ্ষত মাহিলী সংগ্ৰহৰ পৰিমাণ আছিল গড়ে ১ লাখ ৬৮ হাজাৰ কোটি টকা। তাৰ পূৰ্বৰ বছৰৰ গড়ে ১ লাখ ৫০ হাজাৰ কোটি টকাতকৈ এই পৰিমাণ অধিক আছিল। মন্ত্ৰ্যালয়ে প্ৰক...

April 1, 2024 8:18 PM

views 20

গোলকীয় বিষয়সমূহে দেশক অধিক প্ৰভাৱিত কৰিব নোৱাৰে তাৰবাবে অহা ১০ বছৰত ভাৰত অৰ্থনৈতিকভাৱে স্ব-নিৰ্ভৰশীল হ’ব লাগিবঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, গোলকীয় বিষয়সমূহে যাতে দেশক অধিক প্ৰভাৱিত কৰিব নোৱাৰে তাৰবাবে অহা ১০ বছৰত ভাৰত অৰ্থনৈতিকভাৱে স্ব-নিৰ্ভৰশীল হ'ব লাগিব। মুম্বাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত সমাৰোহত ভাষণ প্ৰসংগত প্রধানমন্ত্রীয়ে কয় যে, ভাৰতৰ বেংকিং খণ্ডৰ ব্যাপক পৰিৱৰ্তন সাধন হৈছে আৰু ই এটা অধ্যয়নৰ বিষয়বস্তু হৈ পৰিছে। যোৱা দশকটোত কেন্দ্ৰীয় চৰকাৰ আৰু আৰ বি আয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে বেংকিং খণ্ড এতিয়া লাভজনক স্থিতিত উপনীত হৈছে। ৰাজহুৱা খণ্ডৰ বেংকসম...

April 1, 2024 8:16 PM

views 18

দেশৰ প্ৰতিৰক্ষা ৰপ্তানীয়ে ২০২৩-২৪ চনত ২১ হাজাৰ কোটি টকা অতিক্ৰম কৰিছেঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, প্ৰথমবাৰৰ বাবে দেশৰ প্ৰতিৰক্ষা ৰপ্তানীয়ে ২০২৩-২৪ চনত ২১ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্রীসিঙে কয় যে, যোৱাটো বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা ৰপ্তানি খণ্ডত বৃদ্ধিৰ হাৰ আছিল ৩২ শতাংশৰো অধিক আছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন আৰু ৰপ্তানিক আগুৱাই নিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বুলিও শ্রীসিঙে উল্লেখ কৰে। তেওঁ লগতে কয় যে, দেশৰ ব্যক্তিগত খণ্ড আৰু প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ অন্তৰ্গত প্ৰতিৰক্ষা উদ্যোগসমূহে যো...

April 1, 2024 10:59 AM

views 27

দুদিনীয়া কাৰ্যসূচীৰে ৰাজস্থানলৈ গৃহমন্ত্রী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে ৰাজস্থানলৈ গৈছে। কালি শ্ৰীশ্বাহে ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি জয়পুৰত এখন সাংগঠনিক বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত তেওঁ ডাউচা, কাৰাউলি-ধোলপুৰ, নাগৌৰ, চুৰু আৰু ঝুনঝুনু এই পাঁচটা লোকসভা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰস্তুতি সম্পর্কে বুজ লয়। বৈঠকত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি চি পি যোশী, প্রাক্তন বিৰোধী নেতা ৰাজেন্দ্ৰ ৰাথোড় আৰু অন্যান্য নেতাসকল উপস্থিত থা...

April 1, 2024 10:51 AM

views 16

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G-20ৰ কাৰ্যসূচী ৰাজনৈতিক আৰু অর্থনৈতিক পুনৰভাৰসাম্যতাৰ উদাহৰণঃ বিদেশ মন্ত্রী জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G-20ৰ কাৰ্যসূচিক ৰাজনৈতিক আৰু অর্থনৈতিক পুনৰভাৰসাম্যতাৰ উদাহৰণ বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীত কালি সভ্যতা ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত দেলহি হেৰিটেজ শীৰ্ষক কাৰ্যসূচীত ভাষণ দি ড০ জয়শংকৰে কয় যে, G-20ত আমাৰ অধ্যক্ষতা সমগ্র দেশে উদযাপন কৰিছে। বিভিন্ন দিশৰ পৰা এয়া আছিল আমাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰভাৰসাম্যতাৰ উদাহৰণ, য'ত বিশ্বক নেতৃত্ব দিয়া তথা প্ৰভাৱিত কৰা কেতবোৰ দেশৰ পৰিৱৰ্তে দেশৰ পৰিসৰ ব্যাপক হৈছে। এই ক্ষেত্ৰত ভাৰতৰ ভূমিকা স্পষ্টভা...