June 1, 2024 1:11 PM

views 32

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮.২ শতাংশ হোৱাৰ সম্ভাৱনা

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮.২ শতাংশ হোৱাৰ সম্ভাৱনা আছে। যোৱাটো বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ৭ শতাংশ আছিল। পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৩-২৪ বৰ্ষত মুঠ প্রকৃত ঘৰুৱা উৎপাদনে ১৭৩ লাখ কোটি টকা অতিক্রম কৰিব বুলি অনুমান কৰা হৈছে।

May 31, 2024 8:28 PM

views 31

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন ৮.২ শতাংশলৈ বৃদ্ধি পোৱাৰ ধাৰণা

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন ৮.২ শতাংশলৈ বৃদ্ধি পোৱাৰ ধাৰণা কৰা হৈছে। যোৱাটো বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ৭ শতাংশ হৈছিল। পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৩-২৪ বৰ্ষত মুঠ প্রকৃত ঘৰুৱা উৎপাদনে ১৭৩ লাখ কোটি টকা অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে।

May 31, 2024 6:51 PM

views 39

বিহাৰত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ২৯ গৰাকী লোকৰ মৃত্যু

বিহাৰত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ২৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০০ গৰাকীতকৈ অধিক লোক ৰোগাক্ৰান্ত হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত ২৪ ঘণ্টাত ঔৰংগাবাদ জিলাৰ তাপমাত্রা ৪৮ ডিগ্ৰী ছেলছিয়াছ অতিক্রম কৰাৰ লগতে জিলাখনত ১২ গৰাকী লোকৰ মৃত্যু হয়। ইপিনে, ভোজপুৰ জিলাত ছগৰাকী তথা ৰোহতাছ আৰু জেহানাবাদ জিলাত চাৰিগৰাকীকৈ লোকৰ মৃত্যু হয়। আনহাতে, ৰাজ্যখনৰ বুক্সাৰ, আৰৱাল আৰু নালন্দা জিলাত এগৰাকীকৈ লোকৰ মৃত্যু হয়। জিলাকেইখনত নিৰ্বাচনী কর্তব্য সম্পন্ন কৰি থকাৰ সময়ত গ্ৰীষ্ম প্ৰৱাহৰ বাবে দুগৰাকী গৃহৰক্ষী জ...

May 30, 2024 2:52 PM

views 25

গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰত জীৱ-জন্তুসমূহক বোজা কঢ়িওৱা আৰু সামগ্ৰী টনা কামত নিয়োগ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা

জম্মু-কাশ্মীৰত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জম্মুৰ জিলা দণ্ডাধীশে দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত জীৱ-জন্তুসমূহক বোজা কঢ়িওৱা আৰু সামগ্ৰী টনা কামত নিয়োগ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে, জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ আৰু ১৯৬৫ অনুসৰি এনে নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰতি বছৰে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা কম কৰাৰ লগতে সিহঁতৰ আঘাত আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। তাপমান ৩৭ ডিগ্রী ছেণ্টিগ্রেডতকৈ বৃদ্ধি পালে এ...

May 17, 2024 5:02 PM

views 38

ভাৰত আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ দ্বাদশ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ আজি সামৰণি

মংগোলিয়াৰ উলানবাটাৰত অনুষ্ঠিত ভাৰত আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ দ্বাদশ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ আজি সামৰণি পৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব অমিতাভ প্ৰসাদ আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা বিভাগৰ যুটীয়া সচিব ব্রিগেডিয়াৰ জেনেৰেল গানখুয়াগ ডাবাগোডজে যুটীয়াভাৱে এই বৈঠকত অধ্যক্ষতা কৰে। মংগোলিয়াত ভাৰতৰ ৰাষ্ট্রদূত অতুল মালহাৰি গটছুৰভেও এই বৈঠকত অংশগ্রহণ কৰে। দুদিনীয়া বৈঠকৰ এই সময়ছোৱাত দুয়ো পক্ষই উভয় ৰাষ্ট্ৰৰ মাজৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে সন্তোষ ব্যক্ত কৰে। প্ৰতিৰক্ষা মন্...

May 9, 2024 9:07 PM

views 33

দিল্লীত ভাৰত-মালদ্বীপৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক আৰু নিৰাপত্তা সম্পৰ্কীয় আলোচনাৰে বৈঠক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী মুছা জমিৰে আজি নতুন দিল্লীত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক তথা আঞ্চলিক আৰু নিৰাপত্তা সম্পৰ্কীয় দিশসমূহ আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী মন্ত্ৰীয়ে সক্ষমতা নির্মাণ, প্ৰশিক্ষণ আৰু দুৰ্যোগ প্রশমনকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। মুখপাত্ৰগৰাকীয়ে কয় যে, দুয়োখন দেশে বহুদিন ধৰি বিমান পৰিবহন খণ্ডত কাম-কাজ সুচাৰুৰূপে অব্যাহত ৰখাৰ বাবে প্ৰচেষ্টা চলাই আছে। তেওঁ ক...

May 9, 2024 8:31 PM

views 21

ভেজাল খাদ্য চিনাক্তকৰণ আৰু বিক্ৰী ৰোধৰ উদ্দেশ্যে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ পদক্ষেপ

ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে ভেজাল খাদ্য চিনাক্তকৰণ আৰু ইয়াৰ বিক্ৰী ৰোধ কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে প্ৰাধিকৰণে খাদ্য পৰীক্ষা নিৰ্দেশনা পুথি মুকলি কৰাৰ লগতে খাদ্য পৰীক্ষা কৰা বাহন আৰু সজুলিৰ জৰিয়তে ভেজাল খাদ্য প্ৰতিৰোধ কৰাৰ ব্যৱস্থা লৈছে। ভেজাল চিনাক্তকৰণ পুথিৰ সহায়ত উপভোক্তাই ঘৰৰ খাদ্য সামগ্ৰীত সাধাৰণতে হোৱা ভেজাল চিনাক্ত কৰিব পাৰিব। ইয়াৰ সহায়ত গাখীৰ, তেল, চেনি, মছলা আদিৰ ভেজালকৰণ চিনাক্ত কৰিব পাৰিব। প্ৰাধিকৰণে ফুড ছেফ্‌টী অন হুইলছ শীৰ্ষক ব...

May 11, 2024 12:34 PM

views 24

ৰাছিয়ান সেনা বাহিনীত যুঁজাৰুৰ ভূমিকা লৈ ভাৰতীয় নাগৰিকক সৰবৰাহৰ সৈতে জড়িত গোচৰত ৪ অভিযুক্তক গ্ৰেপ্তাৰ চি বি আইৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে ৰাছিয়ান সেনা বাহিনীত যুঁজাৰুৰ ভূমিকা লৈ ভাৰতীয় নাগৰিকক সৰবৰাহৰ সৈতে জড়িত গোচৰৰ ৪জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। চি বি আইয়ে কৈছে যে, দেশজুৰি এয়া মানৱ সৰবৰাহৰ ঘটনাৰ এখন বৃহৎ জাল, যাৰ জৰিয়তে যুৱ প্ৰজন্মৰ বহুতকে বহিঃ দেশত চাকৰিৰ প্রলোভন দিয়া হয়। এই ঘটনাৰ সৈতে জড়িত ৪জন অভিযুক্তৰ দুজন কেৰালা আৰু আন দুজন মুম্বাইৰ বুলি জানিব পৰা গৈছে। সংস্থাটোৱে জনোৱা মতে এই সৰবৰাহকাৰী সকলে সামাজিক মাধ্যম আৰু স্থানীয় এজেণ্টৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক ৰাছিয়াত উচ্চ দৰমহা প...

May 8, 2024 4:37 PM

views 24

ৰিয়েৰ এড্‌মিৰেল ৰাজেশ ধনকাৰৰ নেতৃত্বত ভাৰতীয় নৌসেনাৰ প্ৰতিনিধি দলৰ ইনফৰমেচন ফিউজন ছিংগাপুৰ ভ্ৰমণ

ৰিয়েৰ এড্‌মিৰেল ৰাজেশ ধনকাৰৰ নেতৃত্বত ভাৰতীয় নৌসেনাৰ এটা প্ৰতিনিধি দলে কালি ইনফৰমেচন ফিউজন ছিংগাপুৰ ভ্ৰমণ কৰে। এই ভ্ৰমণৰ উদ্দেশ্যে হৈছে সামুদ্ৰিক সুৰক্ষা আৰু সহযোগিতা বৃদ্ধি আৰু ভাৰত আৰু ছিংগাপুৰৰ মাজত বন্ধুত্ব শক্তিশালী কৰি তোলা। ভ্ৰমণৰ সময়ছোৱাত প্ৰতিনিধি দলটোৱে অঞ্চলটোৰ বৰ্তমানৰ সামুদ্রিক নিৰাপত্তাৰ পৰিবেশ আৰু উত্থাপিত ভাবুকিসমূহ লাঘৱ কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে সামুদ্রিক প্রত্যাহ্বানসমূহ সহযোগিতাৰে সন্মুখীন হোৱাৰ ক্ষেত্ৰত আই এফ চি ছিংগাপুৰ আৰু ভাৰতীয় নৌসেনাৰ আই অ আৰৰ ভাবধা...

May 11, 2024 12:35 PM

views 29

ভাৰত প্ৰতিৰক্ষা সামগ্রী আমদানীকাৰী এখন দেশৰ পৰা এনে সামগ্ৰী ৰপ্তানীকাৰী দেশলৈ ৰূপান্তৰিত হৈছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, বিগত ১০টা বছৰত এন ডি এ চৰকাৰৰ সফলতাসমূহৰ কৃতিত্ব জনসাধাৰণক প্ৰদান কৰিছে। তেওঁ কয় যে, জনসাধাৰণে তেওঁক প্ৰদান কৰা ভোটৰ জৰিয়তে দেশ প্ৰতিৰক্ষা সামগ্রী আমদানীকাৰী এখন দেশৰ পৰা এনে সামগ্ৰী ৰপ্তানীকাৰী দেশলৈ ৰূপান্তৰিত হৈছে। কাশ্মীৰৰ পৰা ৩৭০ নম্বৰ দফা বাতিলৰ লগতে এনেধৰণৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত জনসাধাৰণে ভোটদানৰ জৰিয়তে দলটোৰ প্ৰতি দেখুওৱা আস্থাৰ বাবেহে সম্ভৱ হৈ উঠে বুলিও তেওঁ কয়। কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্রার্থী তথা বিজেপিৰ সাধাৰণ স...