June 11, 2025 9:19 AM

views 20

এ এফ চি এছিয়ান কাপৰ এখন কোৱালিফায়াৰ মেচত হংকঙৰ হাতত পৰাস্ত ভাৰতৰ ছিনিয়ৰ পুৰুষ ফুটবল দল

এ এফ চি এছিয়ান কাপত কালি সন্ধিয়া ক'লুনত অনুষ্ঠিত এখন কোৱালিফায়াৰ মেচত আয়োজক হংকঙৰ হাতত ভাৰতৰ ছিনিয়ৰ পুৰুষ ফুটবল দলটো ০-১ গ'লত পৰাস্ত হয়। খেলখনত ৯৪ মিনিটত হংকঙৰ ষ্টেফান পেৰেইৰাই এটা গ'ল দি দলটোৰ জয় নিশ্চিত কৰে। এই পৰাজয়ৰ পাছত ২০২৭ চনত ছৌদি আৰৱত হ'বলগীয়া এছিয়ান কাপৰ বাবে ভাৰতৰ যোগ্যতা অৰ্জনৰ সম্ভাৱনা ক্ষীণ হোৱাৰ লগতে ফিফাৰ ৰেংকিঙতো ভাৰত ১৩৩ নম্বৰ স্থানলৈ অৱনমিত হোৱাৰ সম্ভাৱনা আছে। গ্রুপ চি পৰ্যায়ৰ আন এখন খেলত ছিংগাপুৰে বাংলাদেশক ২-১ গ'লত পৰাস্ত কৰি শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে হংকং বর্তম...