July 11, 2025 8:34 PM

views 13

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয় দিনা ইংলেণ্ডৰ ৩৮৭ ৰান সংগ্ৰহ

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন টেষ্টৰ আজি দ্বিতীয় দিনা ঘৰুৱা দল ইংলেণ্ডে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ৩৮৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ যশপ্রীত বুমৰাই আজি চাৰিটা উইকেট দখল কৰে। ইংলেণ্ডে কালি ৪ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২৫১ ৰানৰ পৰা আজি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰে। কালি ৯৯ ৰান কৰি অপৰাজিত হৈ থকা জ' ৰুটে আজি শতক পূৰ্ণ কৰাৰ পাছতেই বুমৰাৰ বলত ১০৪ ৰান কৰি আউট হয়। অধিনায়ক বেন ষ্টকছকো ৪৪ ৰানত বুমৰাই আউট কৰে। পাঁচখনীয়া এণ্ডাৰ্ছন-টেণ্ডুলকাৰ শৃংখলা বর্তমান ১-১ ফ...