November 9, 2024 10:58 AM

views 24

ভাৰত-দক্ষিণ আফ্ৰিকাৰ ৪খনীয়া টি২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকা ৬১ ৰানত পৰাস্ত

ভাৰতে যোৱানিশা ডাৰবানৰ কিংছমিডত অনুষ্ঠিত চাৰিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ৬১ ৰানত পৰাস্ত কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২০২ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ সঞ্জু ছেমছনে ৫০টা বলত ১০৭ ৰান কৰে । প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ২০৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪১ ৰানহে কৰিবলৈ সমৰ্থ হয়। দক্ষিণ আফ্ৰিকাৰ হৈ হেনৰিক ক্লাছেনে সৰ্বাধিক ২৫ ৰান কৰে। ভাৰতৰ বৰুণ চক্ৰৱৰ্তী আৰু ৰবি...