March 26, 2025 1:30 PM
8
চীনৰ বেইজিঙত ভাৰত-চীন সীমান্তৰ বিষয়সমূহৰ সন্দৰ্ভত আলোচনা তথা সহযোগিতাবিষয়ক ৩৩সংখ্যক কার্যপ্রণালী বৈঠক
চীনৰ বেইজিঙত কালি ভাৰত-চীন সীমান্তৰ বিষয়সমূহৰ সন্দৰ্ভত আলোচনা তথা সহযোগিতাবিষয়ক ৩৩ সংখ্যক কার্যপ্রণালী বৈঠক অনুষ্ঠিত হয়। বিদেশ মন্ত্রালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই বৈঠকত ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শেহতীয়া পৰিস্থিতিৰ সামগ্ৰিকভাৱে পর্যালোচনা কৰা হয়। দুয়ো পক্ষই কূটনৈতিক আৰু সামৰিক প্ৰণালী অধিক প্ৰাসংগিক আৰু শক্তিশালী কৰাৰ বাবে সহমত প্ৰকাশ কৰে। উভয় পক্ষই লগতে পাৰস্পৰিক সহযোগিতা আৰু কৈলাশ মান সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ বিষয়টো আলোচনা কৰে। বৈঠকত চলিত বৰ্ষৰ শে...