January 18, 2026 12:42 PM
16
কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্রাদেশিক চৰকাৰৰ মুৰববী ডেভিদ এৰিৰ সৈতে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলৰ বৈঠক
কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে কালি কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্রাদেশিক চৰকাৰৰ মুৰববী ডেভিদ এৰিৰ সৈতে ভাৰত আৰু কানাডাৰ মাজত অর্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে৷ সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্রীগোৱেলে কয়, যে এই বৈঠকত দুয়োখন দেশৰ বাণিজ্য আৰু বিনিয়োগ সহযোগিতা আগবঢ়াই নিয়াৰ বাবে বিশেষ গুৰুত্ব দিয়া হয়। দুয়োখন দেশৰ খনিজ পদার্থ উৎপাদন, প্ৰযুক্তি, শিক্ষা, প্ৰতিৰক্ষা আৰু উদ্ভাৱনৰ দৰে দিশসমূহৰ ওপৰতো এই বৈঠকত আলোচনা কৰা হয়। দুয়োখন দেশৰ মাজত নতুন সুযোগ মুকল...