May 13, 2025 9:34 PM

views 14

সিন্দূৰ অভিযানৰ সফল পৰিচালনাৰ বিষয়ে ৭০খন দেশক অৱগত প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ সঞ্চালকপ্রধান লেফটেনেণ্ট জেনেৰেল দি এছ ৰাণাৰ

প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ সঞ্চালক প্রধান লেফটেনেণ্ট জেনেৰেল দি এছ ৰাণাই আজি ৭০ খন দেশক সিন্দূৰ অভিযানৰ সফল পৰিচালনাৰ বিষয়ে অৱগত কৰে। তেওঁ নতুন যুগৰ যুদ্ধৰ সামৰিক শ্ৰেষ্ঠত্বৰে প্ৰদৰ্শিত দেশৰ শক্তি আৰু ৰাষ্ট্ৰীয় সংকল্পৰ বিষয়ে আলোকপাত কৰে। লেফটেনেণ্ট ৰাণাই এই ৰাষ্ট্ৰকেইখনৰ প্ৰতিনিধিবর্গক সন্ত্রাসবাদী ঘাটিসমূহ বাছি লোৱাৰ বিস্তৃত প্ৰক্ৰিয়াৰ বিষয়ে বিশদভাৱে অৱগত কৰে।