January 16, 2026 8:06 PM

views 5

সুৱনখাটাত চতুৰ্দশ ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু ৭৪ সংখ্যক মাঘমেলা আৰম্ভ

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটাত আজিৰে পৰা চতুৰ্দশ ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু ৭৪ সংখ্যক মাঘমেলা আৰম্ভ হৈছে। শান্তি আৰু সম্প্ৰীতিৰ বাণী লৈ ভূটান পাহাৰৰ পৰা কুৰ্মালাগাসকল ইতিমধ্যে ভাৰত-ভূটান বন্ধুত্ব মেলাস্থলীলৈ নামি আহিছে। বড়ো, ৰাভা, গোর্খা, চাওতালী, কোচ-ৰাজবংশীৰ লগতে ভূটীয়াসকলৰ পৰম্পৰাগত লোকনৃত্য গীতেৰে সুৱনখাটাৰ আকাশ-বতাহ মুখৰিত হৈ পৰিছে। ৯-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই মেলাৰ মুখ্য তোৰণ বাগানপাৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ৰেখা ৰাণী দাস বড়োই উন্মোচন কৰে। ইয়াৰ পাছতে বাক্স...