June 10, 2024 11:47 AM

views 27

টি-টুৱেণ্টী বিশ্বকাপ ক্রিকেটৰ এখন খেলত পাকিস্তানৰ বিৰুদ্ধে ৬ ৰানত জয়ী ভাৰত

টি-টুৱেণ্টী বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত কালি ভাৰতে পাকিস্তানক ৬ ৰানত পৰাস্ত কৰে। নিউয়ৰ্কৰ নাছাও কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে প্ৰথমে বেট ধৰি ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১৯ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হাৰিছ ৰৌফ আৰু নাছিম শ্বাহে তিনিটাকৈ আৰু মহম্মদ আমিৰে দুটা উইকেট দখল কৰে। পাকিস্তানে ১২০ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত কেৱল ১১৩ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ বুমৰাই তিনিটা, হার্দিক পাণ্ডিয়াই দুটা আ...