July 8, 2024 12:07 PM

views 22

হাৰাৰেত অনুষ্ঠিত দ্বিতীয়খন টি-২০ত জিম্বাব’ৱেক ১০০ ৰানত পৰাস্ত ভাৰতৰ

হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ দ্বিতীয়খন খেলত কালি ভাৰতে জিম্বাব’ৱেক ১০০ ৰানত পৰাজিত কৰে। ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেটৰ বিনিময়ত ২৩৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অভিষেক শৰ্মাই ৪৭টা বলত ১০০ ৰান কৰাৰ বিপৰীতে ঋতুৰাজ গাইকোৱাডে ৪৭টা বলত ৭৭ ৰান কৰে। প্ৰত্যুত্তৰত জিম্বাব’ৱেই ১৮ অভাৰ আৰু চাৰিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৩৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতীয় দলৰ মুকেশ কুমাৰ আৰু আৱেছ খানে তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ৰবি বিষ্ণই দুটা আৰু ৱাশ্বিংটন সু...