July 17, 2025 1:59 PM

views 19

ভাৰত-ইংলেণ্ডৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ড চাৰি উইকেটত পৰাস্ত

ভাৰত আৰু ইংলেণ্ডৰ মাজত ছাওথাম্পটনৰ ৰ'জ বাউলত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত কালি নিশা ভাৰতে ঘৰুৱা দলটোক চাৰি উইকেটত পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত ৫০ অ’ভাৰত ছটা উইকেট হেৰুৱাই ২৫৮ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ ছফিয়া ডাংকলেই ৯২ টা বলত ৮৩ ৰান কৰে। ভাৰতৰ হৈ ক্ৰান্তি গৌৰ আৰু স্নেহ ৰানাই দুটাকৈ উইকেট দখল কৰে। ইয়াৰ প্ৰত্যুত্তৰত হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিৰ্ধাৰিত অ’ভাৰ শেষ হ'বলৈ ১০ টা অ’ভাৰ বাকী থকা অৱস্থাতে বিজয় লক্ষ্...