February 3, 2025 12:22 PM

views 13

ভাৰত-ইংলেণ্ডৰ টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত ১৫০ ৰানত জয় ভাৰতৰ

যোৱা নিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত পুৰুষৰ টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ অন্তিমখন খেলত ১৫০ ৰানৰ ব্যৱধানত ভাৰতে জয়লাভ কৰে। এই জয়ৰ দ্বাৰা ভাৰতে পাঁচখনীয়া শৃংখলাত ৪-১ ফলাফল লাভ কৰিবলৈ সমৰ্থ হয়। কালিৰ খেলখনত ভাৰতে ২৪৮ ৰানৰ টার্গেট বান্ধি দিছিল যদিও ১০ অভাৰ আৰু তিনিটা বলত ইংলেণ্ডে মাত্র ৯৭ ৰান সংগ্ৰহ কৰি অলআউট হয়। অপেনাৰ ফিলিপ ছল্টে ইংলেণ্ডৰ হৈ সৰ্বাধিক ৫৫ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ মহম্মদ স্বামীয়ে তিনিটা উইকেট, বৰুণ চক্ৰৱৰ্তী-শিৱম ডুবে আৰু অভিষেক শৰ্মাই দুটাকৈ...